Badminton Asia Junior Championships 2023: অসম সন্তান বৰ্ণিলৰ স্বৰ্ণ জয়

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 4:14 PM IST

thumbnail

টীয়ক, 29 অক্টোবৰ : এছিয়া জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত সোণৰ পদকেৰে জিলিকিল অসম সন্তান বৰ্ণিল আকাশ চাংমাই ৷ চীনত অনুষ্ঠিত 15 বছৰ অনুৰ্ধ জুনিয়ৰ এছিয়ান বেডমিন্টন প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি সোণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় টীয়কৰ যুৱ খেলুৱৈ বৰ্ণিল আকাশ চাংমাইয়ে ৷

দেওবাৰে যুৱ খেলুৱৈ চাংমাই টীয়কৰ কাকজান নৰা গাঁও স্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় । কাকজান আৰণধৰা তিনিআলিৰ পৰা আৰণধৰা নৰা কেন্দ্ৰীয় যুৱ সমাজ আৰু কাকজানবাসীয়ে গায়ন-বায়ন, বিহু, ঝুমুৰে আদৰণি জনাই স্বৰ্ণজয়ী খেলুৱৈ চাংমাইক ৷

টীয়কৰ বহুসংখ্যক দল সংগঠনৰ উপস্থিত থাকি যুৱ খেলুৱৈ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো খেলুৱৈ গৰাকীয়ে যাতে দেশৰ নাম জিলিকাই সকলোকে গৌৰাৱান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে ৰাইজে ।

ইপিনে স্বগৃহত উপস্থিত হৈ যুৱ খেলুৱৈগৰাকী কয়, ‘‘মোৰ লক্ষ্য অলিম্পিক ৷ যাতে অলিম্পিক সোণৰ পদক অৰ্জন কৰিব পাৰো সেই লক্ষ্যৰে আগুৱাম মই ৷’’ আনহাতে অনুশীলন কৰিবলৈ উপযুক্ত খেলপথাৰ প্ৰতিখন জিলা তথা অঞ্চলত স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই যুৱখেলুৱৈ চাংমাইয়ে ৷

লগতে পঢ়ক:Student Commits Suicide : শিক্ষকৰ কু-কাণ্ড,নিৰ্যাতন সহিব নোৱাৰি চৰম পন্থা ল'লে অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.