ETV Bharat / state

Student Commits Suicide : শিক্ষকৰ কু-কাণ্ড,নিৰ্যাতন সহিব নোৱাৰি চৰম পন্থা ল'লে অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:05 PM IST

মৰিয়নীত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা ৷ শিক্ষকলৈ অভিযোগৰ আঙুলি ৷

Student Commits Suicide at Mariani in Jorhat
শিক্ষকলৈ অভিযোগৰ আঙুলি

চৰম পন্থা গ্ৰহণ কৰিলে অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে

যোৰহাট, 27 অক্টোবৰ : মৰিয়নীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিৰ্যাতন সহিব নোৱাৰি মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত জংঘল ব্লক হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ চিপ লৈ আত্মহত্যা ৷ ৰাজ্যিক বঁটাৰে সন্মানিত শিক্ষকলৈ অভিযোগৰ আঙুলি ৷

ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ আৰু সতীৰ্থ ছাত্ৰীৰ অভিযোগ, বিদ্যালয়খনৰ এগৰাকী শিক্ষকে দীৰ্ঘদিনৰ পৰা ছাত্ৰীগৰাকীক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল ৷ ফলত ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয় ৷

ছাত্ৰীগৰাকীৰ মৃত্যুৰ কিছুদিনৰ পূৰ্বে পিতৃয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকক সমগ্ৰ ঘটনাৰ লগতে শিক্ষকজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰি সমগ্ৰ ঘটনাতো গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে ৷

মৰিয়নীৰ জংঘল ব্লক মাজগাঁৱৰ নিৱাসী ভুক্তভোগী ছাত্ৰীগৰাকী ৷ দশমীৰ দিনা ছাত্ৰীগৰাকীয়ে নিজৰ ঘৰৰ বাৰীতেই চিপ লগাই আত্মহত্যা কৰিছিল ৷ ইতিমধ্যে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ তৰফৰ পৰা মৰিয়নী থানাত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷ ইফালে অভিযুক্ত শিক্ষকজন ৰাজ্যিক বঁটাৰে সন্মানিত আছিল বুলি জানিব পৰা গৈছে ৷

ছাত্ৰীগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি, শ্ৰেণী কোঠাত ভুক্তভোগী ছাত্ৰগৰাকীৰ প্ৰতি অভিযুক্ত শিক্ষকজনে অশ্লীল মন্তব্য আগবঢ়াইছিল ৷ এই কথা জানিব পাৰিব পিতৃয়ে বিদ্যালৰ প্ৰধান শিক্ষকক বিয়তো অৱগত কৰিছিল ৷ প্ৰধান শিক্ষকৰ পৰামৰ্শমতে পিতৃয়ে এখন আৱেদন দাখিল কৰিছিল ৷ আৱেদনৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃক পুনৰ বিদ্যালয়লৈ মাতি অভিযুক্ত শিক্ষকজনৰ সৈতে আলোচনাত বহিছিল আৰু বিদ্যালয়ৰ ভিতৰতে বিষয়টো সমাধান হৈছিল ৷

অভিযুক্ত শিক্ষকজনৰ অশ্লীল মন্তব্যত মনত আঘাত পাই ছাত্ৰীগৰাকীয়ে চৰম পন্থা ল’বলৈ বাধ্য হ’ল বুলি অভিযোগ কৰে পিতৃয়ে ৷ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ঘটনা সন্দৰ্ভত এক উচিত ব্যৱস্থা লোৱাহ’লে এই ঘটনা সংঘটিত হ’বলৈ নাপায় বুলিও অভিযোগ কৰে ছাত্ৰীগৰাকীৰ পিতৃয়ে ৷

লগতে পঢ়ক : Suicide case in Dergaon :দেৰগাঁৱৰ ঘটনাৰ দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী মানৱাধিকাৰ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.