Guwahati press club election 2023: আৰম্ভ হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

By

Published : Jun 3, 2023, 12:42 PM IST

thumbnail

গুৱাহাটী, 3 জুন : আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নির্বাচন (Guwahati press club election) ৷ আজি অৰ্থাৎ শনিবাৰে পুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নির্বাচনৰ ভোটদান প্ৰক্ৰিয়া  ৷ তিনি বছৰৰ অন্তত আজি অনুষ্ঠিত হৈছে প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন । প্ৰেছ ক্লাৱৰ 998 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 25 গৰাকী প্ৰাৰ্থীৰ ভাগ্য । ইয়াৰে ভিতৰত আছে 6 গৰাকী মহিলা প্রার্থী (Voting process started of Guwahati Press Club election) ।

নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে দুটা চিফটত ৪৭ গৰাকী পুলিং এজেন্ট আৰু স্বেচ্ছাসেৱক নিযুক্তি দিয়া হৈছে । বিয়লি 5 বজাত সমাপ্ত হ’ব ভোটদান প্ৰক্ৰিয়া ৷ ইতিমধ্যে নির্বাচনী পর্যবেক্ষক, চিকিৎসক, নাৰ্চ, নিৰাপত্তাৰক্ষী, বায় টয়লেটৰ ব্যৱস্থা, খোৱাপানীৰ সু-ব্যৱস্থাকে ধৰি যাৱতীয় ব্যৱস্থা কৰা হৈছে । ইফালে 4 জুনত ভোট গণনা আৰম্ভ হ’ব আৰু সেইদিনাই এই নিৰ্বাচন ফলাফল ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে, ভোট যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল হ’ল ক্ৰমে সুনীল বৰা, জয়ন্ত কুমাৰ ডেকা, সুস্মিতা গোস্বামী, প্রদীপ বর্মন, যতীন ভাগৱতী, অলকা বৰুৱা, নৱনীতা কলিতা, সঞ্জয় ৰয়, মাধৱ দাস, সোনাধৰ ডেকা, হীৰকজ্যোতি মালাকাৰ, উৎপল বৰুৱা, দিলোৱাৰ হুছেইন মজুমদাৰ, মিতালী কোঁৱৰ, অনুপমা ডেকা, মনীন্দ্ৰ ডেকা, ৰণ্ট নেওগ, কনক শ‍ইকীয়া, হেমন্ত শৰ্মা, দেৱাশীষ কাঠকটীয়া, পল্লৱী বৰা, পীতাম্বৰ নেৱাৰ, আজাদ গগৈ, নয়নজ্যোতি ভূঞা আৰু কিশোৰজ্যোতি শৰ্মা ।

লগতে পঢ়ক : Guwahati press club election: শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন; নিৰ্ণয় হ’ব 25 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.