ETV Bharat / state

Guwahati press club election: শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন; নিৰ্ণয় হ’ব 25 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Jun 2, 2023, 9:53 PM IST

প্ৰায় 15 দিনীয়া প্ৰচাৰ অভিযানৰ অন্তত শনিবাৰে অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন ৷ মুঠ 10 টা পদৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা ৷ 998 গৰাকী সংবাদকৰ্মীয়ে কৰিব ভোটদান (Ghy Press club election) ৷

Etv Bharat
Etv Bharat

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

গুৱাহাটী, ২ জুন: শনিবাৰে অৰ্থাৎ কাইলৈ পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ 25 গৰাকী প্ৰাৰ্থী ৷ সৰ্বমুঠ 998 গৰাকী সংবাদকৰ্মীয়ে নিৰ্ধাৰণ কৰিব 25 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ এই 25 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে 6 গৰাকী মহিলা প্ৰাৰ্থী (Guwahati press club election) ৷

ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰিটার্নিং বিষয়া বিজন মহাজন আৰু দুৰ্বা ঘোষৰ তত্বাৱধানত গঠন কৰা নিৰ্বাচনী কমিটীয়ে সংবিধানৰ নীতি অনুসৰি যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে । নিৰ্বাচনী কমিটীৰ বিধি অনুসৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২৫ গৰাকী প্ৰাৰ্থীয়ে ১০ টা পদৰ বাবে প্ৰচাৰ অভিযান আজি অৰ্থাৎ শুকুৰবাৰে পুৱা ৯ বজাত সমাপ্ত কৰিছে ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত ৰিটার্নিং বিষয়া মহাজনে বেলট বাকচ ছীল কৰাৰ কথা ঘোষণা কৰাৰ লগতে কাইলৈ পুৱা ৯ বজাৰ পৰা বিধিসম্মতভাৱে ভোটদান পর্ব অনুষ্ঠিত হ’ব বুলি সদৰী কৰে । নিৰ্বাচনী কমিটীৰ সভাপতি দুর্বা ঘোষে নির্বাচন সুকলমে অনুষ্ঠত কৰাৰ বাবে পোলিং এজেন্ট, স্বেচ্ছাসেৱক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে । মুঠ 47 গৰাকী পোলিং এজেণ্ট আৰু স্বেচ্ছাসেৱকক দিয়া হ’ব নিযুক্তি (Ghy press club election 2023) ৷

সংবাদমেলত সম্পূর্ণ শৃংখলাবদ্ধভাৱে ভোটদান কৰিবলৈ ভোটাৰসকলক আহ্বান জনাই নির্বাচনী কমিটীয়ে । কাইলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান অনুষ্ঠিত হ’ব । ভোটদাতাসকলে ভোটদানৰ সময়ত নিজৰ নিজৰ প্ৰতিষ্ঠানৰ পৰিচয় পত্র বা জনসংযোগ বিভাগৰ পৰিচয়পত্র, আই ডি নম্বৰ থকা শ্লীপ দেখুৱাব লাগিব । সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত ছীল কৰি বেলট বাকচসমূহ ৰখা হ'ব বুলিও সদৰী কৰে নিৰ্বাচনী কমিটীয়ে ।

ইতিমধ্যে নির্বাচনী পর্যবেক্ষক, চিকিৎসক, নাৰ্ছ, নিৰাপত্তাৰক্ষী, বায়’ টয়লেটৰ ব্যৱস্থা, খোৱাপানীৰ সু-ব্যৱস্থাকে ধৰি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে নিৰ্বাচনী কমিটীয়ে । ৪ জুনত ভোট গণনা আৰম্ভ হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব (Guwahati press club election result) ।

লগতে পঢ়ক: SCERT Scam: ব্লেকমেইলাৰ ৰবিজিৎ গগৈ আৰু পূজামণি দাসক লগত লৈ ভিজিলেন্সৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.