Vishwakarma Puja : অস্ত্ৰ-শস্ত্ৰ পূজাৰে মৰাণ আৰক্ষীয়ে অনুষ্ঠিত কৰিলে বিশ্বকৰ্মা পূজা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:29 PM IST

thumbnail

ডিব্ৰুগড়,18 ছেপ্টেম্বৰ : আজি বিশ্বকৰ্মা পূজা ৷  আধ্যাত্মিক পৰিৱেশৰ মাজেদি ৰাজ্যবাসীয়ে অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে আৰক্ষী থানা চৌহদত অনুষ্ঠিত কৰিলে বিশ্বকৰ্মা পূজা ৷ মৰাণ আৰক্ষীয়ে আৰক্ষীৰ বাহনসমূহ পূজা কৰাৰ লগতে থানাত থকা সকলো অস্ত্ৰ-শস্ত্ৰ বিশ্ব খনিকৰৰ মূৰ্তিৰ ওচৰত দি পূজা অৰ্চনা কৰে ৷

উল্লেখ্য যে প্ৰতিবছৰে বিশ্বকৰ্মা পূজাৰ দিনা মৰাণ থানাৰ আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসমূহ পূজা অৰ্চনা কৰি নেদেখাজনৰ পৰা আৰ্শীবাদ লয় ৷ মৰাণ থানাৰ আৰক্ষীসকলে আজি ৰাইজক নিৰাপত্তা দিয়াৰ মাজতে নিজৰ নিৰাপত্তাৰ বাবে থকা অস্ত্ৰ-শস্ত্ৰসমূহ আজি পূজা-অৰ্চনা কৰে ৷ আৰক্ষীৰ লগতে গাঁওৰক্ষী বাহিনী আৰু থানা সমিতিত জড়িত লোকসকলেও বিশ্বকৰ্মা পূজাত অংশগ্ৰহণ কৰে ৷ 

লগতে পঢ়ক : Road accident in Dibrugarh: নিয়ন্ত্ৰণ হেৰুৱাই খোৱাঙৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল অল্ট’ ৮০০; শিশুসহ আহত 3

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.