Road accident in Dibrugarh: নিয়ন্ত্ৰণ হেৰুৱাই খোৱাঙৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল অল্ট’ ৮০০; শিশুসহ আহত 3

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 2:26 PM IST

thumbnail

ডিব্ৰুগড়, 17 ছেপ্টেম্বৰ : দেওবাৰে পুৱা ডিব্ৰুগড় জিলাৰ খোৱাঙত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । শিশুসহ মুঠ তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, AS 07 K 8407 নম্বৰৰ এখন  Alto 800 বাহন মৰাণৰ পৰা ডিব্ৰুগড় দিশে আহি আছিল ৷ তেনে সময়তে খোৱাঙৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে বাহনখন । ফলত গুৰুতৰভাৱে আহত হয় তিনিগৰাকীকৈ লোক ।

আহত কেইজনৰ ভিতৰত এজনক চিলাপথাৰৰ পৰশমণি লাহন বুলি চিনাক্ত কৰা হৈছে । বাকী দুগৰাকী তেওঁৰ মাক আৰু কন্যা বুলি জানিব পৰা গৈছে । আহত তিনিওজনকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ  প্ৰেৰণ কৰা হৈছে । আহত পৰশমণি লাহন আৰক্ষী কৰ্মৰত বুলি জানিব পৰা গৈছে ।

নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ দুৰাৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত স্থানীয় লোকে মতপোষণ কৰিছে ।

লগতে পঢ়ক : Timber smuggler shot by foresters : ঝাৰবাৰীত বনকৰ্মীৰ গুলীত নিহত কাঠৰ চোৰাং সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.