Chandra Mohan Patowary in Baksa: বাক্সাত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 8:03 PM IST

thumbnail

বাক্সা,১৫ নৱেম্বৰ: বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জনজাতি গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ হয় ৷ এই সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰী আঁচনি লাভ কৰা হিতাধিকাৰীৰ মনৰ খবৰ লয় ।  

উক্ত সংকল্প যাত্ৰাত বিভিন্ন বিভাগৰ ষ্টল প্ৰদৰ্শন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে জনজাতি গৌৰৱ দিৱস প্ৰধানমন্ত্ৰী মোদীৰ মহানুভৱতা বুলি দোহাৰে । লগতে ৰাজ্যত চলি থকা অবৈধ বালি খনন ৰোধ কৰাৰ বাবে জিলা বন বিষয়াসকলক অৱগত কৰা বুলি জানিবলৈ দিয়ে । সম্প্ৰতি অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে ।  

অবৈধ বালি খনন চলি থাকিলে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এই সংকল্প যাত্ৰাত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ উপৰি কেইবাগৰাকীও চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

লগতে পঢ়ক: Congress joining: লখিমপুৰত কংগ্রেছত যোগদান কৰিলে বিজেপি-এজিপি কৰ্মীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.