ETV Bharat / state

Congress joining: লখিমপুৰত কংগ্রেছত যোগদান কৰিলে বিজেপি-এজিপি কৰ্মীয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:01 PM IST

bjp ajp workers join congress in lakhimpur
কংগ্রেছত যোগদান

লোকসভা নিৰ্বাচনৰ মৃদু বতাহ বলিবলৈ লৈছে । নিৰ্বাচনক লৈ শাসক বিৰোধী দলসমূহে ৰণকৌশল প্ৰস্তুত কৰিছে । লখিমপুৰত বুধবাৰে লোকসভা নিৰ্বাচনক লক্ষ্য কৰি শাসক বিৰোধী দলসমূহে শক্তি প্ৰদৰ্শন কৰে । দলত যোগদান কাৰ্যসূচী লৈ দল দুটাই জিলাখনত শক্তি প্ৰদৰ্শন কৰে ।

কংগ্রেছত যোগদান

লখিমপুৰ, ১৫ নৱেম্বৰ : সমাগত লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই বাজিছে ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণডংকা । বুধবাৰে লখিমপুৰ জিলাত শক্তি প্ৰদৰ্শনৰ যুঁজ বিজেপি আৰু কংগ্ৰেছ দলৰ । বুধবাৰে বিজেপি কাৰ্যালয়ত বিজেপি যুৱ মৰ্চাৰ যোগদান কাৰ্যসূচীৰ সমান্তৰালকৈ নাওবৈচতো যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কংগ্ৰেছৰ ।

নাওবৈচা সমষ্টিত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰিলে হৰেন শৰ্মাকে ধৰি প্ৰায় দুশ বিজেপি, এজিপি কৰ্মীয়ে । অনুষ্ঠানত উপস্থিত থাকি বিজেপিক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ধৃতৰাষ্টৰ দৰে বিজেপিয়ে সংবাদ মাধ্যমক হত্যা কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে ভূপেন বৰাই । তিনি ডিচেম্বৰৰ দিনা দুপৰীয়া মুখ্যমন্ত্ৰীৰ মুখখন দেখুৱাবলৈ সংবাদ মাধ্যমক আহ্বান জনায় ভূপেন বৰাই । ছত্তীশগড় আৰু মিজোৰামৰ ফলাফলৰ পাচতে মুখ্যমন্ত্ৰীৰ মুখখন সংবাদ মাধ্যমত দেখুৱাবলৈ তেওঁ আহ্বান জনায় ।

bjp ajp workers join congress in lakhimpur
কংগ্রেছত যোগদান

বিজেপিক সমালোচনা কৰি তেওঁ কয় বিজেপিৰ গুৰু হ’ল শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় । কিন্তু কংগ্ৰেছৰ গুৰু হ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ । বিজেপিয়ে অসমীয়া আৰু হিন্দুত্বৰ যুঁজখনত আজমলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা বুলিও কয় ভূপেন বৰাই । কংগ্ৰেছে এতিয়া বেয়া মানুহবোৰ উলিয়াই দি ভাল মানুহবোৰক দললৈ ঘূৰাই আনিছে বুলি উল্লেখ কৰে তেওঁ ।

ভূপেন বৰাই লগতে আৰু কয় কংগ্ৰেছ চৰকাৰ হ’লে চিলিণ্ডাৰৰ দাম ৫০০ টকা হ’ব অসমত । অসমৰ কৰ্মচাৰীৰসকলৰ পেন্সনৰ ব্যৱস্থা কৰিব কংগ্ৰেছে । ২০২৬ চনত লখিমপুৰ জিলাৰ ৫ খন বিধানসভা সমষ্টিত জয়ী হৈ অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব । যি সকলে মোক ২৫ কোটি টকাত কিনিব বিচাৰে; কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে সেইসকলকৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে বিহিত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি সমালোচনা কৰে ভূপেন বৰাই ।

আনহাতে ২০২৬ চনত ডবল ইঞ্জিন বিকল হ’ব, ডবল ইঞ্জিনৰ চাবি বন্ধ কৰি '২৬ ত অসমৰ ৰাইজে কংগ্ৰেছ চৰকাৰক সমৰ্থন কৰিব বুলিও মন্তব্য আগবঢ়াই ভূপেন বৰাই ।

লগতে পঢ়ক : APCC leader Bhupen Borah: গৌৰৱ গগৈৰ বাবে ধৰ্ম সংকটত পৰিছে ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.