Convocation of DU: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপ-ৰাষ্ট্ৰপতি

By

Published : May 3, 2023, 7:35 PM IST

thumbnail

ডিব্ৰুগড়, ৩ মে: ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে (Convocation of Dibrugarh University)। উপ ৰাষ্ট্ৰপতিৰ আগমনক লৈ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকল উৎসাহিত হয় । ২১ সংখ্যক দীক্ষান্ত সমাৰোহত পত্নীসহ উপস্থিত হয় জগদীপ ধানখড় (Vice President Jagdeep Dhankhar)।  

অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গুলাব চান্দ কাটাৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে । সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ।  

এই সমাৰোহতে অসমৰ ভাষা-সাহিত্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা সাহিত্যিক নিৰুপমা বৰগোহাঞিক সন্মানীয় ডি লিট আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য বিজ্ঞানী ড৹ ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এছ চি সন্মানেৰে সন্মানিত কৰা হয় । এই সমাৰোহত মুঠ ১৬৮৪ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:GYPA Conference: বিৰোধী ঐক্য দেখি বুকু কঁপিছে জয়ন্ত আৰু পীযুষৰ; মনোৰঞ্জন 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.