ETV Bharat / state

GYPA Conference: বিৰোধী ঐক্য দেখি বুকু কঁপিছে জয়ন্ত আৰু পীযুষৰ; মনোৰঞ্জন তালুকদাৰ

author img

By

Published : May 3, 2023, 3:33 PM IST

Updated : May 3, 2023, 3:58 PM IST

GYPA Conference held at Manikpur
গণতান্ত্ৰিক যুৱ পৰিষদৰ অধিৱেশন

বঙাইগাঁও জিলাৰ কোকিলাত গণতান্ত্ৰিক যুৱ পৰিষদৰ (জিপা) প্ৰথম ত্ৰি বাৰ্ষিক অধিৱেশনত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক সুবিধাবাদী আখ্যা সাংসদ আব্দুল খালেকৰ। বিৰোধীৰ উমৈহতীয়া ঐক্যবদ্ধক বিজেপিয়ে ভয় খাইছে বুলি ক’লে বিধায়ক মনোৰঞ্জন তালুকদাৰে (Manikpur GYPA Conference) ।

গণতান্ত্ৰিক যুৱ পৰিষদৰ অধিৱেশন

বঙাইগাঁও, 3 মে’ : বঙাইগাঁও জিলাৰ কোকিলাত গণতান্ত্ৰিক যুৱ পৰিষদ অসম চমুকৈ জিপাৰ প্ৰথম ত্ৰি- বাৰ্ষিক সাংগঠনিক ও শৈক্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে 66 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিকক সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে । লগতে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি জিপাৰ সভাপতি ড৹ আনোৱাৰ হুছেইনৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় (Manikpur GYPA Conference)।

সভাখনত উপস্থিত থাকে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে ধুবুৰীৰ সাংসদ আব্দুল খালেক । 7 বছৰ ধৰি অসমত বিজেপিৰ শাসন চলি আছে যদিও প্ৰথম ৫ বছৰত যি কাম হৈছিল পিচৰ দুই বছৰত একো কাম হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সাংসদ আব্দুল খালেকে । লগতে জয়ন্তমল্ল বৰুৱাক এজন সুবিধাবাদী নেতা আখ্যা দিয়ে সাংসদগৰাকীয়ে (Jayanta malla baruah on opposition alliance)।

প্ৰাক্তন কংগ্ৰেছী নেতা জয়ন্তমল্ল বৰুৱাই পুনৰ কেতিয়া কংগ্ৰেছত চামিল হ’বলৈ বিচাৰে যায় তাৰ কোনো গেৰাণ্টী নাই বুলি উল্লেখ কৰি যিফালে সূৰ্য উদয় হয় জয়ন্তমল্ল সেইফালেই দৌৰ মাৰিব বুলি তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী জয়ন্তমল্লক । বদৰুদ্দিন আজমলে বিৰোধীৰ মিত্ৰ শিবিৰত চামিল হ’বলৈ উধাতু খাইছে যদিও তেওঁক চামিল নকৰাৰ বাবে এতিয়া তেওঁ আঙুৰ টেঙা বুলি উল্লেখ কৰা বুলি কয় সাংসদ আব্দুল খালেকে (MP Abdul khalek on Jayanta malla baruah) ।

সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত । বিৰোধীৰ উমৈহতীয়া ঐক্যবদ্ধতাক জয়ন্তমল্ল বৰুৱা, পীযুষ হাজৰিকাই ভয় খাইছে বুলি চিপিআই(এম) দলৰ বিধায়কগৰাকীয়ে সমালোচনা কৰে । বিজেপি দলে গণভিত্তি হেৰুৱাইছে আৰু সেইবাবে ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে বিৰোধীৰ মিত্ৰতাক বিভিন্ন নামেৰে নামাকৰণ কৰিছে বুলি কয় বিধায়ক তালুকদাৰে । কোনটো ক্লাৱ, নাইবা কি সেয়া ৰণক্ষেত্ৰত দেখা যাব বুলি জয়ন্তমল্ল বৰুৱাৰ কটাক্ষৰ উত্তৰ দিয়ে বিধায়কজনে (Manoranjan Talukder on Jayanta malla baruah) ।

ইয়াৰোপৰি বিৰোধী মিত্ৰতা সন্দৰ্ভত এআইইউডিএফৰ বদৰুদ্দিন আজমলে আগবঢ়োৱা মন্তব্য এগৰাকী জনপ্ৰতিনিধিৰ মুখত অশোভনীয় বুলি উল্লেখ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে । জিপাৰ মুকলি সভাত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক জনতা উপস্থিত থাকে (AIUDF Badruddin Ajmal)।

লগতে পঢ়ক : Convocation of Assam Police : অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Last Updated :May 3, 2023, 3:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.