Vegetable Price Hike in Assam:দুই-তিনিজনে আহোম জাতিক প্ৰতিনিধিত্ব নকৰে;মুখ্যমন্ত্ৰী

By

Published : Jul 12, 2023, 6:45 PM IST

Updated : Jul 12, 2023, 7:25 PM IST

thumbnail

চামগুৰি,12 জুলাই: বুধবাৰে নগাঁৱৰ বঢ়মপুৰত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বঢ়মপুৰস্থিত শ্ৰী শ্ৰী সাই বাবা মন্দিৰৰ শুভ উদ্বোধন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ 

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ সন্দৰ্ভত এক প্ৰকাৰ আত্মসমৰ্পণ কৰি মুখ্যমন্ত্ৰীয়ে কয়  ‘‘মূল্যবৃদ্ধি হোৱাটো সত্য, জনসাধাৰণৰ সমস্যা হৈছে সেয়াও সত্য ৷ মই বুজি পাইছো,সকলোৰে দুখ হৈছে ৷ কিন্তু ময়ো কিছুমান কাম কৰিবলৈ অপাৰগ ৷ কিন্তু আন ৰাজ্যৰ তুলনাত অসমত পে’ট্ৰল-ডিজেল মূল্য কম কৰি ৰাখিছোঁ ৷ আৰু কিছু দিন লাগিব তাৰ পিচত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা হ’ব ৷’’  

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত তেওঁ কয়‘‘ দুই এটা সমষ্টি সাল সলনিৰ প্ৰস্তাব দিয়া হৈছে নিৰ্বাচন আয়োগক ৷ কিন্তু নিৰ্বাচন আয়োগে আমাৰ প্ৰস্তাব গ্ৰহণ নকৰিবও পাৰে ৷ তেওঁলোক যি সিদ্ধান্ত ল’ব সেয়া আমি মানিব লাগিব ৷’’ আনহাতে পুৰণা আৰু নতুন বিজেপিৰ সন্দৰ্ভত তেওঁ কয় ‘‘ময়ে নতুন , ময়ে পুৰণা ৷ আমাৰ ক’তো কন্দল নাই ৷’’ 

তিনি গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ সাংবাদিকক অসমীয়া জাতিক ভাগ ভাগ নকৰিবলৈ অনুৰোধ কৰে ৷ তিনি গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক টাৰ্গেট কৰি কয়‘‘ আপোনালেকে জাতিটোক ভাগ ভাগ নকৰিব ৷ আহোমে অসমীয়া জাতি নিৰ্মাণ কৰিছিল ৷ আহোমে অসমীয়া জাতি স্বাৰ্থৰ বিপৰীতে যাব পাৰে নেকি ! এজন বা দুজনে আহোমে জাতিক প্ৰতিনিধি নকৰে নহয় ৷ এই বিলাক ভূল ধাৰণা কিছুমান আপোনালোকে লৈ আছে ৷ আপোনালোকৰৰ মতামত আৰু ৰাইজৰ মতামত পাৰ্থক্য থাকে ৷’’  

ইফালে অসমত মহাবিদ্যালয় স্থাপনৰ প্ৰসংগত কয় ‘‘প্ৰতি 30 কিঃমি ৰ ভিতৰত স্থাপন কৰা হ’ব একোখন মহাবিদ্যালয় ৷ য’ত য’ত নাই তেনে স্থান নিৰ্ধাৰণৰ কাম চলি আছে ৷ শীঘ্ৰে কেইবাখনে মহাবিদ্যালয় স্থাপন হ’ব ৷’’    

বঢ়মপুৰস্থিত শ্ৰী শ্ৰী সাই বাবা মন্দিৰৰ শুভ উদ্বোধন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি মহামৃতুঞ্জয় মন্দিৰো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷  শুভ উদ্বোধন কাৰ্য্যসূচীত মুখ্যমন্ত্ৰীৰ লগত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীকে প্ৰমুখ্য কৰি বিজেপিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

লগতে পঢ়ক:Minister Nandita Gorlosa Visit at Nagaon: কি বিফলতা স্বীকাৰ কৰিলে মন্ত্ৰী নন্দিতাই!

Last Updated : Jul 12, 2023, 7:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.