ETV Bharat / state

Minister Nandita Gorlosa Visit at Nagaon: কি বিফলতা স্বীকাৰ কৰিলে মন্ত্ৰী নন্দিতাই!

author img

By

Published : Jul 11, 2023, 7:07 PM IST

মঙলবাৰে নগাঁৱত উপস্থিত হ’ল মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷ সমবায় বিভাগৰ কেইবা মহলীয়া কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷

Minister Nandita Gorlosa Visit at Nagaon
বিফলতা স্বীকাৰ কৰিলে মন্ত্ৰী নন্দিতাই

বিফলতা স্বীকাৰ কৰিলে মন্ত্ৰী নন্দিতাই

নগাঁও,11 জুলাই: মঙলবাৰে নগাঁৱত উপস্থিত হ’ল মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷ নগাঁৱত নিৰ্মাণ হ’ব লগীয়া সমবায় বিভাগৰ কেইবা মহলীয়া কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । অসম চৰকাৰৰ ৰাজ্যিক বাৰ্ষিক পৰিকল্পনা শিতানৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ পূঁজিৰে নগাঁও জিলা সমবায় সমিতিৰ উপ পঞ্জীয়ক আৰু সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয় নিৰ্মাণ কৰিব ৷ আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী গাৰ্লোচাৰ লগতে বিধায়ক ৰূপক শৰ্মা, অসম চৰকাৰৰ সমবায় সমিতিৰ পঞ্জীয়ক নাৰায়ণ কোঁৱৰ, নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁৱৰ নাবাৰ্ডৰ সহকাৰী মহাপ্ৰবন্ধক ৰাজেন্দ্ৰ ৰাজামৌলি পেৰনা আৰু নগাঁও উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ধ্ৰুৱ জ্যোতি শর্মা উপস্থিত থাকে ।

আনহাতে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা মাছ আৰু কণীৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়,‘‘ এইটো মোৰ বিভাগৰ বিফলতা ৷ অসমত মাছ আৰু কণী পৰ্যাপ্ত উৎপাদন কৰিব পৰা নাই ৷ আমি আগন্তুক দিনত সমবায় সমিতিৰ জৰিয়তে উৎপাদন ব্যৱস্থাক তৰান্বিত কৰা হ’ব ৷ ’’ তেওঁ আৰু কয় সমবায় সমিতিসমূহক ৰাজ্যখনৰ ভিতৰত কাম-কাজৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা থকা অধিক গতিশীল বিভাগলৈ ৰূপান্তৰিত কৰা হ’ব ৷

উল্লেখযোগ্য যে এইবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে প্ৰকল্পটো ৷ প্ৰকল্পটোৰ বাবে প্ৰায় ২ কোটি ৯২ লাখ টকা ইতিমধ্যে অনুমোদন কৰা হৈছে । সভাত ভাষণ দি মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সমবায়ৰ ভূমিকাৰ লগতে নিবনুৱা সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য আহিলা হিচাপে সমবায় সমিতিক ব্যৱহাৰ কৰিব পাৰি বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:Population control in India: জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী JSFৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.