Gamocha controversy in Assam : দুডোখৰীয়া গামোচা প্ৰৱৰ্তনৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

By

Published : Mar 28, 2023, 5:07 PM IST

thumbnail
()

শিৱসাগৰ, 28 মাৰ্চ : ৰাজ্যত অব্যাহত আছে গামোচা বিতৰ্ক ৷ শিৱসাগৰত বীৰ লাচিত সেনাই জুমুঠি দাহেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ । বাংলা সাহিত্য সভাৰ উদ্যোগত অসমীয়া আৰু বঙালী গামোচা দুটুকুৰা কৰি যি সমন্বয় সৃষ্টি কৰিব বিচৰা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় মঙলবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত দৌলমুখ চাৰিআলিত বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰে (Assamese pride gamocha controversy) ৷ 

এই সম্বন্বয়ক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বীৰ লাচিত সেনা অসমে মন্ত্ৰী বিমল বৰা আৰু বাংলা সাহিত্য সভাৰ জুমুঠি দাহ কৰে (Veer lachit sena protest) । লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ শাস্তি দাবী কৰি শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ কৰ্ম-কৰ্তাসকলে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ (Gamocha Disfigurement in Guwahati) ।  

লগতে পঢ়ক : Assam Gamosa Controversy : গামোচা বিতৰ্কত দুখ প্ৰকাশ বাংলা সাহিত্য সভাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.