ETV Bharat / state

Assam Gamosa Controversy : গামোচা বিতৰ্কত দুখ প্ৰকাশ বাংলা সাহিত্য সভাৰ

author img

By

Published : Mar 28, 2023, 11:56 AM IST

Gamosa Controversy
Gamosa Controversy

শিলাদিত্য দেৱৰ পৃষ্ঠপোষকতাতে ৰচিত হৈছিল নেকি গামোচাক বিকৃতকৰণৰ ব্লুপ্ৰিণ্ট ! বাংলা সাহিত্য, সভা অসমৰ পত্ৰত কিহৰ ইংগিত ? উল্লেখ্য, গামোচা বিতৰ্ক সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে বাংলা সাহিত্য সভা, অসমে । এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে বাংলা সাহিত্য সভা, অসমে (Assam Gamosa controversy) ।

গুৱাহাটী, ২৮ মাৰ্চ : সমন্বয়ৰ নামত অসমীয়াৰ স্বাভিমানৰ 'গামোচা'ত হাত দি বিতৰ্কৰ সৃষ্টি কৰা বাংলা সাহিত্য সভা, অসমে অৱশেষত দুখ প্ৰকাশ কৰিলে (Bangla Sahitya Sabha reacts on Gamosa controversy) । উল্লেখ্য যে বাংলা সাহিত্য সভা, অসমৰ ২৫ আৰু ২৬ মাৰ্চত প্ৰথমখন ৰাজ্যিক প্ৰতিনিধি সন্মিলন মালিগাঁৱৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ভৱনত অনুষ্ঠিত হৈছিল । সেই অনুষ্ঠানত অভ্যাগতসকলক অসমীয়া গামোচা আৰু বঙালী গামোচা সংযুক্ত কৰি আদৰণি জনোৱা হৈছিল । অসমীয়াৰ স্বাভিমানৰ গামোচাখনক এনেদৰে অন্য ৰূপ দিয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Assam Gamosa controversy) ।

আনকি বিভিন্ন থানাত এই ঘটনাৰ বাবে এজাহাৰো দাখিল কৰা হয় (reacts in Assam in Gamosa controversy) । গামোচা বিতৰ্কক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে বাংলা সাহিত্য সভা অসমে বিষয়টো সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে । বাংলা সাহিত্য সভা অসমৰ কাৰ্যকৰী সভাপতি খগেন চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক ডঃ প্ৰশান্ত চক্ৰৱৰ্তীয়ে এক বিবৃতিযোগে গামোচাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে দুখ প্ৰকাশ কৰে আৰু অনাগত দিনত যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি সংগঠনটো সচেতন হৈ থাকিব বুলি ঘোষণা কৰে (clarification of Bangla Sahitya Sabha on Gamosa controversy) ।

বাংলা সাহিত্য সভাৰ দুখ প্ৰকাশ
বাংলা সাহিত্য সভাৰ দুখ প্ৰকাশ

বিবৃতিটোত তেওঁলোকে কয়, "বাংলা সাহিত্য সভা, অসমৰ প্ৰথম ৰাজ্যিক প্রতিনিধি সন্মিলন উপলক্ষে অতিথি-সম্বৰ্ধনাৰ ক্ষেত্ৰত অসমীয়াৰ ফুলাম গামোচাৰ সৈতে বঙালী সমাজৰ মঙ্গল-ঘট আৰু উৎসৱাদিত ব্যৱহৃত গামোচা যোগ কৰি নতুনকৈ এখন সম্বর্ধনা-বস্ত্ৰ প্ৰস্তুত কৰা হৈছিল । এই সম্বর্ধনা-বস্ত্ৰ আমি সৃষ্টি কৰা নহয় । আমাৰ উদযাপন সমিতিৰ, অভ্যর্থনা উপ-সমিতিৰ উঠি অহা প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ছবিৰ পৰা এই আৰ্হি গ্ৰহণ কৰিছিল । এইখন ছবি ডেৰ বছৰমানৰ পুৰণি । শিলচৰৰ এক অনুষ্ঠানত কোনোবা সংগঠনে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এইখন দিয়াৰ ফটো আছিল, কাষত শিলাদিত্য দেৱো আছে (Shiladitya Dev in Gamosa controversy) । তেওঁ অসমৰ ভাষিক উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে আমাৰ পৃষ্ঠপোষক । সেয়েহে তেওঁৰ সন্মতি গ্ৰহণ কৰি এইখন প্ৰস্তুত কৰা হৈছিল ।

যোৱা ডেৰ বছৰ ধৰি এই বিষয়ে কোনো প্রতিক্রিয়া হোৱা নাছিল । এইবাৰ হৈছে, সেয়েহে আমি বৰ বিব্ৰত অনুভৱ কৰিছোঁ । আনৰ বস্তু গ্ৰহণ কৰিবলৈ গৈ এক বিভ্ৰান্তি আৰু বিতৰ্কৰ জন্ম হ’ল । এয়া আমাৰ ইচ্ছাকৃত নহয়, কাম্যও নহয় । আমি কোনো বেয়া উদ্দেশ্য আগত ৰখা নাছিলোঁ । তথাপি অসমৰ একাংশ ৰাইজে বিষয়টো গ্ৰহণ নকৰিলে । অজানিতে যদি আমি আঘাত দিছোঁ, সেইবাবে আমি আন্তৰিকভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু অহা দিনত যাতে এনেধৰণৰ পৰিস্থিতি নাহে, এই সম্পর্কে আমি সচেতন থাকিম ।"

বিবৃতিটোত লগতে কোৱা হৈছে, "আমাৰ মঞ্চৰ এফালে আছিল শ্রীচৈতন্যদেৱৰ ছবি, আনফালে শ্রীমন্ত শংকৰদেৱৰ ছবি, আছিল ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ছবি । আমি উদ্বোধনী অনুষ্ঠানৰ প্রথমেই গাইছিলোঁ ৰবীন্দ্ৰনাথৰ ‘ও আমাৰ দেশেৰ মাটি’ আৰু শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ' মোৰ আপোনাৰ দেশ' । এফালে বিহু, আনফালে ধামাইল নৃত্য । আমি বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ বাবে আপ্রাণ চেষ্টা কৰিছিলোঁ মুক্তমনেৰে । মনত দুখ লাগিছে এনে এক অপ্রীতিকৰ অনভিপ্রেত বিতৰ্কৰ সূচনা হোৱা দেখি । এই বিতৰ্কৰ ইয়াতে সমাপ্তি হওক আৰু আমাৰ মাজত অহা দিনত অধিক মিলন-সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠক, সেই কামনা কৰিছোঁ ।" গামোচা বিতৰ্কক লৈ চৌদিশে প্ৰতিক্ৰিয়া হোৱাৰ পাছত বাংলা সাহিত্য সভা, অসমে দুখ প্ৰকাশ কৰি এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

লগতে পঢ়ক :Assam Gamosa Controversy: অসমীয়াৰ স্বাভিমানত আঘাত হনা কাম কোনোৱে গ্ৰহণ নকৰে, জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.