Assam flood 2023: ভদীয়া বানৰ কৱলত ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 1:54 PM IST

thumbnail

মৰাণ, 29 আগষ্ট : ডিব্ৰুগড় জিলাত এইবাৰ ব্ৰহ্মপুত্ৰই লৈছে ভয়াবহ ৰূপ । কেইবাদিনো ধৰি নেৰেনেপেৰা বৰষুণ হোৱা পাচতেই ভয়াবহভাৱে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম কৰি বৈছে মহাবাহু ব্ৰহ্মপুত্ৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া ৰাইজ । 

ইতিমধ্যে দাঁতি কাষৰীয়া বহু ঠাই বাঢ়নি পানীয়ে বুৰাই পেলাইছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বুৰ গৈছে ডিব্ৰুগড় চহৰৰ ১০ নম্বৰ ৱাৰ্ড । ইয়াৰ পিচতেই ডিব্ৰুগড়ৰ পাঁচআলি মাথাউৰিৰ নিচেই কাষতে থকা ১০ নম্বাৰ ৱাৰ্ডৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ কাষতে বসবাস কৰা লোক সকলে এটুপি বিশুদ্ধ খোৱা পানীৰ লগতে খাদ্যৰ হাহাকাৰ কৰিব লগা হৈছে । ৱাৰ্ডটোত থকা সকলো ঘৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে । অঞ্চলটোৰ অধিকাংশ লোক দিন হাজিৰাৰ লগতে মিস্ত্ৰী, যোগালি কৰি পৰিয়াল চলাইছিল যদিও এতিয়া বানৰ কৱলত পৰি দুবেলা দুমুঠিৰ বাবে বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ । 

ইফালে ডিব্ৰুগড় চহৰত থকা এই অঞ্চলটোৰ ৰাইজক প্ৰশাসন তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কোনো সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে । পাঁচআলিৰ যুৱ সমাজেহে কেৱল বানাক্ৰান্ত ৰাইজক খাদ্য যোগান ধৰা বুলি ৰাইজে জানিবলৈ দিয়ে । বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও স্থানত সোমবাৰে দিনটোত বান পৰিস্থিতি বুজ লৈ বান সাহাৰ্যৰ ব্যৱস্থা কৰাৰ কথা আশ্বাস দিছিল যদিও ডিব্ৰুগড় চহৰৰ কাষতে থকা বানাক্ৰান্তই লাভ কৰা নাই বান সাহাৰ্য । 

লগতে পঢ়ক: Flood situation in Assam: ৰাজ্যত পুনৰ বানত এজন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.