আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰাই আনিব : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:59 AM IST

thumbnail

ডিব্ৰুগড়, 30 ডিচেম্বৰ : শুকুৰবাৰে আলফা-চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ল বহু চৰ্চিত শান্তিচুক্তি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নৰ্থ ব্লকৰ কাৰ্যালয়ত শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আলোচনাপন্থী আলফা গোটৰ নেতৃত্বই চুক্তিত স্বাক্ষৰ কৰে ৷ আলফা-চৰকাৰৰ শান্তি চুক্তিক লৈ ডিব্ৰুগড়ত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে শান্তিচুক্তিৰ সন্দৰ্ভত কয়, ‘‘এইটো অতি আদৰণীয় পদক্ষেপ ৷ আলফা-চৰকাৰৰ শান্তি চুক্তিৰ পাছতেই প্ৰমাণ হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে ৷ শান্তি থাকিলেহে প্ৰগতি সম্ভৱ হ'ব সেয়ে ই অসমীয়া সমাজৰ বাবে ভাল খবৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকীয়ে বিগত ন বছৰত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে উন্নয়নৰ ক্ষেত্ৰতো আগুৱাই যাবলৈ সক্ষম হৈছে ৷ শান্তি চুক্তিৰ পাছতে উঠি অহা প্ৰজন্মই নিজৰ জীৱনটো গঢ় দিয়াৰ বাবে শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ লাভ কৰিছে ৷’’

লগতে পঢ়ক : একপক্ষীয় চুক্তিৰে অসমত শান্তি প্ৰতিষ্ঠা অসম্ভৱ: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ মনৰ কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.