Kali puja in Dibrugarh: ডিব্ৰুগড়ত দীপাৱলী উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:23 PM IST

thumbnail

ডিব্ৰুগড়, 12 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আনন্দ উল্লাসেৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে ৷ দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ডিব্ৰুগড় শান্তিপাৰা তৰুণ সমিতিয়ে আয়োজন কৰা কালীপূজাৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ।

দেশৰ জনসাধাৰণৰ কুশল-মংগল কামনা কৰি দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে ৷ মা কালীৰ শ্ৰীচৰণত সেৱা লৈ ভাৰতবাসীৰ হৈ আশীৰ্বাদ বিচৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, প্ৰতিগৰাকী নাগৰিকে সুস্থ-সৱল, আনন্দেৰে জীয়াই থাকি দেশৰ নাগৰিক হিচাপে যি কৰ্তব্য সেয়া নিষ্ঠা সহকাৰে পালন কৰিব যাব লাগে ।

তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ দেশৰ নাগৰিকলৈ যি আহ্বান সেই আহ্বানৰ প্ৰতি যেন সঁহাৰি জনায় ৷ প্ৰতি গৰাকী নাগৰিকক নিজৰ স্বাভিমান শক্তিশালী ৰূপে জগাই তুলি, কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়িব পৰা হ’ব ৷’’

লগতে পঢ়ক: Minister Jogen Mohan reaction: দেশৰ সুস্থ গণতন্ত্ৰ জীয়াই থকাৰ স্বাৰ্থত ৰাজনীতিৰ পৰা দাগী অপৰাধীক বিদায় দিয়াতো জৰুৰী: যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.