Assam-Arunachal Border Dispute: একাংশ লোকৰ বাবে অশান্ত হৈ থাকে অসম-অৰুণাচলৰ সীমা; ৰিজিজু

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 6:44 PM IST

thumbnail

ধেমাজি,27 আগষ্ট: দীৰ্ঘদিনীয়া অসম-অৰুণাচল সীমা বিবাদকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৷ ‘‘ অসম-অৰুণাচলৰ সীমা কোনো ভাৰত-চীনৰ সীমা নহয় ৷ যাক লৈ ইমান হিংসা, কাজিয়া হৈ থাকে ৷ পূৰ্বতে অসমৰে এটা অংগ আছিল অৰুণাচল ৷ কিন্তু প্ৰশাসনৰ সুবিধাৰ বাবেহে অৰুণাচল বুলি ভাগ কৰি দিয়া হ’ল ৷ ইয়াকে লৈ সীমান্তত কাজিয়া কাৰৰ প্ৰয়োজন নাই ৷ অসমক আমি জ্যেষ্ঠ ভাতৃ বুলি গণ্য কৰোঁ ৷ কিন্তু একাংশ দুষ্ট চক্ৰৰ বাবে সীমা বিবাদে জ্বলন্ত ৰূপ লৈছে ৷ লাগিলে সেয়া অসমৰে হওক বা অৰুণাচলৰে হওক; দুই ৰাজ্যৰ একাংশ অসাধু লোকৰ বাবে আমি বেয়া খবৰ পাওঁ ৷ কিন্তু অসমৰ লগত আমাৰ ভাতৃত্ববোধৰ সম্পৰ্ক পূৰ্বৰ পৰাই আছে আৰু আগলৈয়ো থাকিব ৷’’

আনহাতে সীমা সমস্যাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ সন্দৰ্ভত কয়,’’ বিজেপিৰ বাহিৰে সীমা সমস্যা সমাধান কৰিবলৈ কোনো আগ নাবাঢ়িলে ৷ এইয়া বিজেপিৰ দিনতহে সম্ভৱ হৈ উঠিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক সহমতত উপনীত কৰাইছিল ৷ কিছু ক্ষেত্ৰত দুয়োখনে ৰাজ্যই পৰস্পৰ সন্মানৰ বাবে ত্যাগ কৰিব লাগিব ৷ তেতিয়াহে সমাধান সূত্ৰ ওলাব ৷’’  এইদৰে দেওবাৰে ধেমাজি উপস্থিত হৈ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

লগতে পঢ়ক:Flood in Dhemaji: ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ভদীয়া বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.