মহাদেৱৰ আশিস বিচাৰি তেজপুৰৰ মহাভৈৰৱত সেৱা ল’লে অমিত শ্বাহে

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:45 PM IST

thumbnail

তেজপুৰ, 19 জানুৱাৰী: তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ অসম তথা উত্তৰ-পূব ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শুকুৰবাৰে বিয়লি উপস্থিত হয় তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মহাভৈৰৱ মন্দিৰত দেখা যায় ৷ শ্বিলঙৰ পৰা পোনে পোনে তেজপুৰলৈ বিমানযোগে আহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ মহাভৈৰৱত পূজা-অৰ্চনা কৰাৰ পিচতেই তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হ’ব অমিত শ্বাহ ৷ তাতেই এক সাংস্কৃতিক কাৰ্যসূচীত তেওঁ অংশ গ্ৰহণ কৰিব ৷ ইয়াৰ লগতে কেবাটাও চৰকাৰী অনুষ্ঠানতো অংশ ল’ব মন্ত্ৰীগৰাকীয়ে ৷ নিশাটো তেজপুৰ আৱৰ্ত ভৱনত কটাই শনিবাৰে পুৱা তেজপুৰৰ শালনিবাৰীস্থিত এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ এছ এছ বিৰ শিবিৰত প্ৰতিষ্ঠা দিৱসৰ কুচকাৱাজত অংশ গ্ৰহণৰ পিচত ঠেলামৰাত বাথৌ মহাসভাৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীয়ে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.