ETV Bharat / state

অমিত শ্বাহৰ গুৱাহাটী আগমনৰ বাবে মহানগৰীত পথ নিৰ্দেশনা

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 2:16 PM IST

Amit Shah visit Guwahati : অমিত শ্বাহৰ ভ্ৰমণক লৈ গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা ৷ জানিবৰ বাবে পঢ়ক এই প্ৰতিবেদন ৷

TRAFFIC RESTRICTIONS IMPOSED IN GUWAHATI FOR
অমিত শ্বাহৰ গুৱাহাটী আগমনৰ বাবে মহানগৰীত পথ নিৰ্দেশনা

গুৱাহাটী,19 জানুৱাৰী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ বাবে লৈ গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে পথ নিৰ্দেশনা । 20 জানুৱাৰীৰ দিনটোৰ বাবে এই পথ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে । দিনৰ 12 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সকলো ধৰণৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

আনহাতে, এ এছ টি চি বাছ, চিটি বাছ, আন্তঃজিলা বাছবোৰ দিনৰ 12 বজাৰ পৰা সন্ধিয়া 7 বজালৈ জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত নিয়ন্ত্ৰণত থাকিব । ই-ৰিক্সা, ঠেলা, ৰিক্সাকে ধৰি ধীৰ গতিৰ বাহন জি এছ ৰোড, পাঞ্জাবাৰী ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোডত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

ইপিনে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া 12 বজাৰ পৰা 7 বজালৈ সকলো ধৰণৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আবেলি 4 বজাৰ পৰা নিশা 8 বজালৈ সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কিন্তু এম্বুলেন্স, স্কুল বাছ, জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিয়ম ।

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । 20 জানুৱাৰীত অমিত শ্বাহে গুৱাহাটীৰ পাণবজাৰৰ সৌন্দর্যবর্ধন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ গ্রন্থ উন্মোচন কৰাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামত অসম আৰক্ষীৰ এক অনুষ্ঠানটো অংশগ্রহণ কৰিব ।

লগতে পঢ়ক : মহানগৰীত কিশোৰীক ধৰ্ষণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.