মহানগৰীত কিশোৰীক ধৰ্ষণৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 2:07 PM IST

thumbnail

গুৱাহাটী, ১৯ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ আৰ্যনগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে । ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক এজন যুৱকৰ ধৰ্ষণৰ চেষ্টাৰ অভিযোগ কৰা হৈছে । অভিযুক্ত যুৱকজনৰ নাম টিটু সৰকাৰ বুলি উল্লেখ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত ভৰলু আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত টিটু সৰকাৰক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে, কিশোৰীগৰাকীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি, কিশোৰী গৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া টিউচন কৰি ঘৰলৈ উভতি আহিছিল । সেই সময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট টিটু সৰকাৰে তেওঁক ধৰ্ষণ কৰে ।

উল্লেখ্য যে কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ লগত যিটো ঘৰত ভাড়াত থাকে সেই ঘৰটোৰ মালিকৰ সম্পৰ্কীয় লোক হৈছে টিটু সৰকাৰ । পিচত সমগ্ৰ ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকে জানিব পাৰি ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি টিটু সৰকাৰক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল পত্নী হত্যাকাৰী ঘাতক স্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.