আৰক্ষী পিতৃৰ চোৰ পুত্ৰ: ক’ত হেৰাল নীতিশিক্ষা ?

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:59 PM IST

thumbnail

নগাঁও, 23 ডিচেম্বৰ: গৰু চুৰি চক্ৰই সমগ্ৰ অসমতে তোলপাৰ লগাই আছে ৷ টোপনি কাঢ়িছে কিছু বিশেষ বিশেষ ঠাইৰ ৰাইজৰ ৷ আৰক্ষী প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে ৰাতি ৰাতি টোপনি ক্ষতি কৰি গৰু চোৰ ধৰিবলৈ উঠি পৰি লাগিছে সেই বিশেষ অঞ্চলসমূহৰ সাধাৰণ জনতা ৷ শেহতীয়াকৈ নগাঁৱৰ পৰা সঘনাই গৰু চুৰিৰ ঘটনা পোহৰলৈ আহিছে ৷

নগাঁৱত আৰক্ষীৰ দুই পুত্ৰৰ বিৰুদ্ধে গৰু চুৰিৰ অভিযোগ উত্থাপন হৈছে । নিশা গৰু আৰু ছাগলী চুৰি কৰি জুৰীয়াত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহোঁতেই ৰাইজে হাতে-লোটে ধৰা পেলাই চোৰ দুটাক । i20 বাহনত চুৰি কৰি অনা গৰু আৰু ছাগলীৰে সৈতে ৰাইজে ধৰা পেলাই দুয়োকে ।

মন কৰিবলগীয়া কথাটো কি জানেনে ? চোৰ দুটাৰ এজনৰ পিতৃ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আনটো চোৰৰ পিতৃ এজন কৰ্মৰত আৰক্ষী হাবিলদাৰ বুলি জানিব পৰা গৈছে । বৰ্তমান জুৰীয়া আৰক্ষীৰ জিম্মাত থকা নৱজ্যোতি নাথ আৰু বিমল বৰা নামৰ চোৰ দুটাৰ ঘৰ ৰহাৰ সৰাগাঁৱত বুলি জানিব পৰা গৈছে । মাহগুৰিত ৰাইজে আটক কৰি চোৰ দুটাক গতাই দিয়ে জুৰীয়া আৰক্ষীক । পিতৃ আৰক্ষী হোৱাৰ সুযোগ গ্ৰহণ কৰিয়েই দুয়োৱে বিভিন্ন সময়ত বিভিন্ন দুষ্কাৰ্যত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : কন্দনামুৱা হৈ সাংবাদিকৰ আগত ক’লে পেটৰ সন্তানতকৈয়ো মৰমৰ আছিল সেই গৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.