Youth Detained with Cannabis: মোৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ সমীপত গাঞ্জাসহ দুজনক কৰায়ত্ত

By

Published : Aug 20, 2023, 7:23 PM IST

thumbnail

জোনাই, 20 আগষ্ট : ৰাজ্যত অব্যাহত আছে গাঞ্জাৰ অবৈধ ব্যৱসায় আৰু সৰবৰাহ ৷ ধেমাজি জিলাৰ জোনাই মোৰ্কংচেলেকতো গোপনে চলিছে গাঞ্জাৰ অবৈধ ব্যৱসায় ৷ মোৰ্কংচেলেক ৰে’লৱে ষ্টেচনত অব্যাহত আছে গাঞ্জা, ড্ৰাগছ, নিচা জাতীয় দ্ৰব্যৰ ব্যৱসায় ৷  

দেওবাৰে মোৰ্কংচেলেক ৰে’ল ষ্টেচনৰ সমীপৰ নগৰীয়া কেম্পৰ পৰা গাঞ্জা ক্ৰয় কৰি গৈ থকা অৱস্থাত দুজন যুৱকক গাঞ্জাৰ সৈতে ধৰি ৰে’লৱে আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে ৷ জানিব পৰা মতে চিলাপথাৰৰ জন পেগু আৰু জোনাই ৰেষ্টকেম্পৰ গ্ৰীণ মিলি নামৰ দুজন যুৱকে নগঞা কেম্পত গাঞ্জা ক্ৰয় কৰি ওভতাৰ সময়ত ৰাইজে কৰায়ত্ব কৰি ৰে’লৱে আৰক্ষীক গতাই দিয়ে ৷ ৰে’লৱে আৰক্ষীয়ে যুৱক দুজনৰ পৰা কিছু পৰিমাণৰ গাঞ্জা আৰু এখন পাল্চাৰ 220 বাইক জব্দ কৰে ৷

লগতে পঢ়ক : Home guard murdered: গৃহৰক্ষী জোৱানক তৰোৱালেৰে আক্ৰমণ কৰি হত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.