ETV Bharat / bharat

Home guard murdered: গৃহৰক্ষী জোৱানক তৰোৱালেৰে আক্ৰমণ কৰি হত্যা

author img

By

Published : Aug 20, 2023, 5:47 PM IST

হাৰিয়ানাৰ গঁড় খেদা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ৷ দিল্লী আৰক্ষীৰ এজন গৃহৰক্ষী জোৱানক তৰোৱালেৰে নিৰ্মমভাৱে হত্যা ৷

Home guard murdered
গৃহৰক্ষী জোৱানক তৰোৱালেৰে আক্ৰমণ কৰি হত্যা

নেশ্যনেল ডেস্ক, 20 আগষ্ট: হাৰিয়ানাৰ ফৰিদাবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ফৰিদাবাদৰ প্ৰিথালাত দিল্লী আৰক্ষীৰ এজন গৃহৰক্ষী জোৱানক তৰোৱালেৰে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷ শনিবাৰে বিয়লি গঁড় খেদা গাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছিল ৷ মৃত আৰক্ষী জোৱানজন দিল্লী আৰক্ষীৰ গৃহৰক্ষী জোৱান ধৰমপাল (50) বুলি জানিব পৰা গৈছে ৷ আৰক্ষী জোৱানজনক ওখলা আৰক্ষী থানাত নিয়োজিত কৰা হৈছে ৷

মৃত জোৱানজনৰ পুত্ৰই ঘটনাৰ বিবৰণী দিয়া অনুসৰি, তেওঁলোকৰ ঘৰত কিছু নিৰ্মাণ কাৰ্য চলি আছিল ৷ যাৰ বাবে তেওঁৰ দেউতাক অথবা জোৱনজনে ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ অৰ্ডাৰ দিছিল ৷ ইয়াৰে সমান্তৰালকে তেওঁলোকৰ চুবুৰীয়া পৱন আৰু অজয়ৰ নামৰ লোজ দুজনৰ সন্তানকেইটাই তেওঁলোকৰ ঘৰৰ সমীপতে পানীৰ পাইপেৰে গা ধুই আছিল, যাৰ ফলত তেওঁলোকৰ ক্ৰাচাৰত গা ধোৱা পানী পৰিছিল ৷

সেয়েহে জোৱানজনে শিশুসকলক ৰাস্তাত গা ধুবলৈ বাধা দিছিল, কিন্তু সন্তানক তেনেকৈ বাধা দিয়া দেখি চুবুৰীয়া পৱন আৰু অজয়ে জোৱানজনক ভাবুকি দিছিল যে তেওঁলোকৰ ল'ৰা-ছোৱালীয়ে এনেদৰেই গা ধুব, তেওঁলোকৰ সন্তানৰ পৰা জোৱানজনক আঁতৰি থাকিবলৈ সকীয়নি দিছিল চুবুৰীয়া দুজনে ৷ এই ঘটনাৰ পিচত জোৱানজন ঘৰলৈ উভতি আহে ৷

ইয়াৰ পিচতে ধৰমপালৰ দুই ভতিজাকে পথেৰে খোজ কাঢ়ি গৈ থাকোঁতেই এটা চিঞৰৰ শব্দ শুনে ৷ লগে লগে তেওঁলোকে কি হৈছে বুলি চাবলৈ যাওঁতে খুৰাক ধৰমপালক মাটিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷ তেতিয়ালৈ ধৰমপালৰ শৰীৰৰ পৰা বহুত ৰক্তক্ষৰণ হৈছিল ৷ তেওঁলোকে হাস্পতাললৈ খুৰাকক লৈ যোৱালৈ তেওঁৰ মৃত্যু হৈছিল ৷

এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃত ধৰ্মপালৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে ৷

বৰ্তমান, আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছে ৷ এই ঘটনা সংঘটিত কৰা অভিযুক্তক অচিৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে পৰিয়ালটোক আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: Minor girl rape: দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক কেইবামাহ ধৰি ধৰ্ষণ চৰকাৰী বিষয়াৰ; পত্নীসহ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.