অমানৱীয়! পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে দুগৰাকী মহিলাৰ বাসগৃহ ভাঙিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:59 AM IST

thumbnail

সৰুপথাৰ, 26 ডিচেম্বৰ : গোলাঘাট জিলাৰ সৰুপথাৰত জঘন্য় ঘটনা ৷ মঙলবাৰে সন্ধিয়া দুগৰাকী বৃদ্ধা বিধৱা মহিলাই বসবাস কৰা এটি ঘৰ দুৰ্বৃত্তই এক্সকেভেটৰ লগাই ভাঙি লণ্ড-ভণ্ড কৰে । 

সৰুপথাৰ নগৰৰ 10 নং ৱাৰ্ডৰ 2 নং চতিয়নীত সংঘটিত হৈছে এই ঘটনা । আৰতি দে’ (62) আৰু লক্ষীমণি দে’ (58) নামৰ দুগৰাকী বিধৱা মহিলাই বসবাস কৰা ঘৰটো ভাঙি চূৰমাৰ কৰাৰ লগতে ঘৰৰ বয়-বস্তু লৈ উধাও হয় ৷ স্থানীয় লোকে কোৱা অনুসৰি, মহিলা দুগৰাকীয়ে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল । তাৰ পিচতে মহিলা দুগৰাকী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তৰ দল এটাই এখন এক্সকেভেটৰ লগাই মহিলা দুগৰাকীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে। 

স্থানীয় ৰাইজে এই ঘৰ ভঙাৰ সমগ্ৰ দৃশ্য বন্দী কৰে মোবাইলৰ কেমেৰাত ৷ ঘৰ ভঙাৰ খবৰ পোৱাৰ পিচতে মহিলা দুগৰাকীয়ে ঘৰলৈ ৰাওনা হৈছে ৷ স্থানীয় ৰাইজে ঘটনাৰ খবৰ পাই চিঞৰ বাখৰ কৰাত দুৰ্বৃত্তৰ দলটো পলায়ন কৰে। 

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পৰিয়ালকেন্দ্রিক সংঘাতৰ ফলত সম্বন্ধীয় লোকে এই ঘটনা সংঘটিত কৰিছে ৷ এই ঘটনাৰ লগত জনৈক বৰঠাকুৰ উপাধিৰ এজন ব্যক্তি জড়িত বুলি দাবী কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ কোনে আৰু কিয় এই ঘটনা সংঘটিত কৰিলে সেয়া তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ সম্ভাৱনা প্ৰকট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.