Two women death: ইণ্টাৰচিটী এক্সপ্ৰেছৰ খুন্দাত একেদিনাই দুঠাইত দুগৰাকী মহিলাৰ মৃত্যু

By

Published : Apr 9, 2023, 11:00 PM IST

thumbnail

লখিমপুৰ/ চতিয়া, 9 এপ্রিল : দেওবাৰে নাহৰলগুণ তিনিচুকীয়া ইণ্টাৰচিটী এক্সপ্ৰেছে লখিমপুৰ আৰু জামুগুৰিহাটত মহতিয়ালে দুগৰাকী মহিলাক (Two women death in rail accident )৷ প্ৰথমে লখিমপুৰৰ কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত পুৱা প্ৰায় 6.10 মান বজাত এগৰাকী মহিলা প্ৰাতঃভ্ৰমণলৈ গৈ থকাৰ সময়তে ৰে’লখনে মহতিয়াই লৈ যায় ৷ ৰে’লৰ খুন্দাত মহিলাগৰাকী থিতাতে নিহত হয় ৷ 

মৃত মহিলাগৰাকী দলহাট বজাৰৰ বাসিন্দা ৰীতা প্ৰধান (৪৫) বুলি জানিব পৰা গৈছে (women death in Lakhimpur) ৷ জানিব পৰা মতে মহিলাগৰাকীয়ে কাণেৰে কমকৈ শুনাৰ বাবেই মৃত্যুক সাৱটি লগা হয় । ইতিমধ্যে স্থানীয় আৰক্ষীৰ লগতে ৰে’ল আৰক্ষী উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷  

দ্বিতীয় ঘটনা অনুসৰি জামুগুৰিহাটৰ নাহৰবাৰীত লখিমপুৰৰ পৰা আহি থকা একেখন ইণ্টাৰচিটীৰ খুন্দাত অন্য এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয় (women death at Jamugurihat) ৷  মৃত মহিলাগৰাকী নাহৰবাৰীৰে বাকোলা এম,ভি স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰয়াত লক্ষী দলৈৰ পত্নী তাৰামাই দলৈ ৷ 

বৰ্তমান বিদ্যালয়খনতে ৰান্ধনী হিচাপে কৰ্মৰত আছিল তৰামাই দলৈ(৬৫)। মৃত মহিলা গৰাকীয়ে পুৱা সমবায় দোকানৰ পৰা চাউল আনিবলৈ বুলি ঘৰৰ পৰা ওলাই ৰে’ললাইন পাৰ হ’বলৈ ধৰোঁতেই ৰে’লৰ খুন্দাত নিহত হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷  

লগতে পঢ়ক: Weapon with Bullets seized: হোজাইত মাৰণাস্ত্ৰৰ লগতে ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.