Weapon with Bullets seized: হোজাইত মাৰণাস্ত্ৰৰ লগতে ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক

By

Published : Apr 9, 2023, 6:47 PM IST

thumbnail

হোজাই, 9 এপ্ৰিল: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ শনিবাৰে হোজাইত এটা 7.65 পিষ্টল, দুটা সক্ৰিয় গুলি আৰু 50 গ্ৰাম ড্ৰাগছসহ দুটা সৰবৰহাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে হোজাই আৰক্ষীয়ে (Drugs seized at Hojai)৷  

হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লব তামুলীয়ে সংবাদ মাধ্যমক জনোৱা অনসুৰি শনিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত হোজাই জিলাৰ পুৰণা বজাৰত অৱস্থিত সংগম হোটেলত হোজাই আৰক্ষীৰ এটা দলে এক জোৰদাৰ অভিযান চলাই ৷ এই অভিযান কালত হোজাই আৰক্ষীয়ে এটা 7.65 পিষ্টল, দুটা সক্ৰিয় গুলী আৰু প্ৰায় 50 গ্ৰাম ড্ৰাগছ  জব্দ কৰিবলৈ সক্ষম হয় (Weapon with Bullets seized at Hojai) ৷ ইয়াৰ লগতে ঘটনা সন্দৰ্ভত চেন্নাই আৰু মণিপুৰৰ দুটা সৰবৰাহকাৰীক আটক কৰে (Two smugglers detained at Hojai)।

লগতে পঢ়ক: Drugs seized in Guwahati : নিশা গুৱাহাটীত প্ৰায় ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ

আটকাধীন অভিযুক্ত দুটা ক্ৰমে আব্দুল আলিম আৰু কে. সুৰদাস বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে সম্প্ৰতি হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.