Drugs seized in Guwahati : নিশা গুৱাহাটীত প্ৰায় ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ

By

Published : Apr 9, 2023, 12:45 PM IST

thumbnail

গুৱাহাটী ৯ এপ্ৰিল : ৰাজ্যত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে (Police operation against drugs)। একাংশ দুষ্টচক্ৰই বিভিন্ন কৌশল অৱলম্বন কৰি নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত চোকা নজৰ ৰাখিছে । এইবাৰ গুৱাহাটীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized in Guwahati)।

এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । হাতীগাঁওৰ লক্ষ্মী নগৰৰ নামঘৰ পথৰ হাউচ নং ৫৭ ত নিশা প্ৰায় ১ মান বজাত এক গোপন খবৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে অভিযান চলাইছিল । হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱৰাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে ৮০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় (Hatigaon police raid against drugs)।

প্ৰায় ৬৫ টা চাবোনৰ বাকচত উদ্ধাৰ হয় ড্ৰাগছখিনি । লগতে নগদ ৭ লাখ ৪৯ হাজাৰ টকা, এখন বিলাসী বাহনো আৰক্ষীয়ে জব্দ কৰে । ইয়াৰ উপৰিও ২ খন বিলাসী বাহনৰ চাবি আৰু আধাৰ কাৰ্ডো উদ্ধাৰ‌ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ড্ৰাগছ খিনি জব্দ কৰে যদিও ড্ৰাগছ ব্যৱসায়ীজন পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ লাখ টকা হ'ব (Drugs worth Rs 80 lakh seized)। ইতিমধ্যে পলাতক ড্ৰাগছ ব্যৱসায়ীজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Fake Currency Seized: বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.