Fake Currency Seized: বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাসহ সৰবৰাহকাৰী

By

Published : Apr 9, 2023, 8:33 AM IST

thumbnail

গুৱাহাটী, 9 এপ্ৰিল: মহানগৰীত নকল টকাৰ উজান ৷ এইবাৰ বশিষ্ঠ আৰক্ষীৰ জালত নকল টকাৰ সৰবৰাহকাৰী ৷ এক গোপন খবৰৰ ভিত্তিত খানাপাৰাত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে ২ লাখ ৯৩ হাজাৰ টকাৰ নকল নোটৰ লগতে এটা ম’বাইল ফোন (Fake Currency Seized in Guwahati) ৷ 

অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ মেবাকিনচাই লাংষ্টাং নামৰ এটা সৰবৰাহকাৰীক ৷ জানিব পৰা মতে মেবাকিনচাই লাংষ্টাং নামৰ সৰবৰাহকাৰীটোৱে মহানগৰীৰ কোনো ব্যক্তিক নকল নোটখিনি দিয়াৰ উদ্দেশ্যে মেঘালয়ৰ পৰা খানাপাৰালৈ আহিছিল (Fake Currency Seized) ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে (Traffickers in police traps with fake currency) ৷

উলল্লেখযোগ্য যে, আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতো ৰাজ্যত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে নকল টকাৰ সৰবৰাহ ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.