Illegal sand mining : অবৈধভাৱে বালি কঢ়িওৱা 10 চকীয়া বাহন বন বিভাগৰ জালত

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 11:30 AM IST

thumbnail

ডিব্ৰুগড়, 4 নৱেম্বৰ: ৰাজ্যত অব্যাহত বালি চিণ্ডিকেট ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে অবৈধভাৱে বালি খনন আৰু বালি সৰবৰাহ । ইয়াৰ মাজতে শুকুৰবাৰৰ নিশা অবৈধভাৱে বালি কঢ়িওৱা সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰাইদেউ জিলা বন বিভাগে অভিযান চলায় । অভিযানত সোণাৰিত নিশা দুখনকৈ 10 চকীয়া বাহন জব্দ কৰে চৰাইদেউ জিলা বন বিভাগে ।  

দিহিং নদীৰ বালি অবৈধভাৱে BRC নিৰ্মাণ কোম্পানীৰ নিৰ্মাণস্থলীলৈ কঢ়িয়াই নিয়াৰ সময়তে বাহন দুখন জব্দ কৰে সোণাৰিস্থিত নাফুক আঞ্চলিক বন বিভাগে । জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে AS 23CC 8159 আৰু AS 23CC 6382 । বাহন কেইখনৰ পৰা কোনোধৰণৰ বালি কঢ়িয়াই নিয়া নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে বন বিভাগে ।

লগতে পঢ়ক:  Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.