ETV Bharat / state

Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:58 AM IST

Ajmal criticized Congress in Barpeta Kalgachia
এ আই ইউ ডি এফৰ দলীয় কৰ্মী সভা

কলগাছিয়াৰ জনতা বেকি ভেলী চিনিয়ৰ ছেকণ্ডাৰী স্কুলত আয়োজন এ আই ইউ ডি এফৰ দলীয় কৰ্মী সভা । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমল ৷

এ আই ইউ ডি এফৰ দলীয় কৰ্মী সভা

জনীয়া, 4 নৱেম্বৰ : ‘‘কংগ্ৰেছে এইবাৰ আণ্ডা (কণী) পাব ৷ বিশেষকৈ ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব ।’’ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ তেওঁ আৰু কয়, ‘‘কংগ্ৰেছ যেতিয়া পাৱাৰত নাথাকে বা বাহিৰত থাকে তেতিয়া কয় আমাক পাৱাৰ দিয়ক আমি কাম কৰিম ৷ কিন্তু পাৱাৰত আহিলে নকৰে । সেয়ে এইবাৰ কংগ্ৰেছ ফিল্ডৰ বাহিৰতে থাকিব’’ ।

আনহাতে, বিজেপিকো কঠোৰ সমালোচনা কৰি তেওঁ কেতবোৰ মন্তব্য প্ৰদান কৰে ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত এআইইফডিএফ-এ ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

উল্লেখ্য যে, শুকুৰবাৰে কলগাছিয়াৰ জনতা বেকি ভেলী চিনিয়ৰ ছেকণ্ডাৰী স্কুলত আয়োজন কৰা হয় এআইইউডিএফৰ এক দলীয় কৰ্মী সভা ৷ এই সভাত উপস্থিত থাকে সাংসদ মৌলানা বদৰুদ্দিন আজমল ৷ এই সভাতে তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে যদিহে এইবাৰ নিৰ্বাচনত এআইইউডিএফ দল জয়ী হয় তেন্তে জয়ী পিচতেই বৰপেটা জিলাৰ বহৰি, চেঙা, নগৰবেৰা, বাঘবৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন দলং নিৰ্মাণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিব কেন্দ্ৰক ।

কথাৰ প্ৰসংগত সাংসদ আজমলে কংগ্ৰেছ দলক কটাক্ষ কৰি কয়, কংগ্ৰেছ দলে দীৰ্ঘদিন শাসনত থকাৰ পিচতো সংখ্যালঘূ চৰ-চাপৰিৰ ৰাইজৰ কোনো সমস্যা সমাধান কৰা নাই ৷ কংগ্ৰেছে সংখ্যালঘূ ৰাইজৰ পিঠিত ডি ভোটাৰৰ ষ্টাম্প লগাইছে, এন আৰ চি(NRC) ৰ পৰা নাম কাটিছে ৷

উল্লেখ্য যে, মৌলানা বদৰ উদ্দিন আজমলৰ লগতে বৰপেটা জিলা সমিতিৰ সভাপতি মুফতি ছামচুদ্দিন আহমেদৰ সভাপতিত্বত শুকুৰবাৰে অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন ।

লগতে পঢ়ক : Raijor dal's Meeting : এইবাৰ ৰাইজৰ মাজলৈ যাবলৈ সাজু ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.