পবিত্ৰ বৰদিনৰ দিনাই ডিব্ৰুগড়ত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা , এগৰাকী নিহত

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:19 AM IST

thumbnail

মৰাণ, 26 ডিচেম্বৰ : পবিত্ৰ বৰদিনৰ দিনাই ডিব্ৰুগড় জিলাত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু নাহৰকটীয়াৰ বাগান গেটত দুটাকৈ শোকাৱহ ঘটনা সংঘটিত হয় ৷ এই দুটাকৈ দুৰ্ঘটনাত এগৰাকী মৃত্যু হোৱাৰ লগতে এগৰাকী আহত হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ 

প্ৰথমটো ঘটনা অনুসৰি, লাহোৱালৰ জয়পুৰ পথৰ মৰাপাট অঞ্চলত বালি ভৰ্তি ডাম্পাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত স্কুটী চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।  পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত স্কুটী চালকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰা লগতে সমগ্ৰ ঘটনা সৰ্ম্পকত তদন্ত অব্যাহত ৰাখিছে । দুলীয়াজানৰ পৰা অহা AS 09 - AC 5148 নম্বৰৰ ডাম্পাৰখনৰ লগত AS O6 N -3485 স্কুটীখনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷

আনহাতে নাহৰকটীয়াৰ বাগান গেটত অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন। নিহত লোকজন জয়পুৰ থানাৰ অন্তৰ্গত উত্তম মাটিৰ নিবাসী মদনা দে’ বুলি জানিব পৰা গৈছে । নিশা কৰ্মস্থলীৰ পৰা খোজকাঢ়ি উভতি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত দুই সৰবৰাহকাৰীসহ জব্দ বুজন পৰিমাণৰ গাঞ্জা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.