নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত দুই সৰবৰাহকাৰীসহ জব্দ বুজন পৰিমাণৰ গাঞ্জা

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:33 PM IST

thumbnail

বঙাইগাঁও, ২৫ ডিচেম্বৰ : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত অসম ৰে’ল আৰক্ষীৰ অভিযান । মঙলবাৰে নামনিমুৱা ওখা এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰা হয় প্ৰায় ২৫ কেজি অবৈধ গাঞ্জা ৷ এই গাঞ্জাসহ দুজন লোককো আটক কৰা হয়  ৷ অভিযোগ অনুসৰি, দুই অভিযুক্তই নিজকে চি আৰ পি এফ বুলি পৰিচয় দি জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰাৰ অন্তত দুই অভিযুক্তক হাতে-লোটে ধৰিবলৈ সক্ষম হয় ৷ ধৃত দুই অভিযুক্তৰ পৰা ৰে’ল আৰক্ষীয়ে তিনি কেজি নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷ এই নিচাজাতীয় সামগ্ৰীখিনি আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ কৰাৰ কথা আছিল ৷

যাৰ বাবে দুই অভিযুক্তক পাঁচ হাজাৰ টকাৰ লোভ দিছিল নিচাজাতীয় সামগ্ৰীখিনিৰ মূল সৰবৰাহকাৰীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : ফেচবুক পোষ্টত আলফাৰ সমৰ্থনত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ’ল অসমীয়া যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.