Heroin seized: হেৰ’ইনসহ দুই সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:19 PM IST

thumbnail

ডিফু, 14 ছেপ্টেম্বৰ: অসম-নাগালেণ্ড সীমান্তত পুনৰ উদ্ধাৰ হৈছে বুজন পৰিমানৰ হেৰ'ইন ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি প্ৰায় 5.30 মান বজাত কাৰ্বি আংলং জিলাৰ এএছপি (নিৰাপত্তা) জন দাসৰ নেতৃত্বত খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ, চি 20 চিআৰপিএফ আৰু থানা ষ্টাফৰ সহযোগত এক বিশেষ নাকা তালাচী স্থাপন কৰে ৷ 

তালাচী কালত ডিমাপুৰ দিশৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ কাপোৰৰ মাজত লুকুৱাই অনা অৱস্থাত চাৰিটা চাবোনৰ বাকচৰ পৰা 47.9 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাপৰি দাস (25) আৰু লালুক থানাৰ অন্তৰ্গত প্ৰীতম প্ৰকাশ নেওগ (34)ক আটক কৰে আৰক্ষীয়ে ৷ এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Anti drugs operation: ড্ৰাগছ সৰবৰাহকাৰী সহ তিনি ড্ৰাগছ সেৱনকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.