Two Rape cases: বাইহাটাত গাঁওবুঢ়াৰ হাতত ধৰ্ষিতা মহিলা; গোলাঘাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

By

Published : Feb 23, 2023, 9:30 PM IST

Updated : Feb 24, 2023, 2:54 PM IST

thumbnail

গোলাঘাট/বাইহাটা চাৰিআলি, 23 ফেব্ৰুৱাৰী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Crime against Women increases) ৷ এতিয়া প্ৰতিদিনেই নাৰীজনিত অপৰাধে বাতৰিৰ শিৰোনাম দখল কৰাটো একপ্ৰকাৰে সাধাৰণ কথাৰ হৈ পৰিছে ৷ এইবাৰ একেদিনাই ৰাজ্যৰ গোলাঘাট আৰু বাইহাটা চাৰিআলিত দুটাকৈ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে (Two rape cases ) ৷  

প্ৰথমটো ঘটনা অনুসৰি বৃহস্পতিবাৰে গোলাঘাটৰ বালিজানত এগৰাকী 14 বছৰীয়া কিশোৰীক চাৰি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে (Minor Girl gang rape) ৷ বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ  2 নং পোৰাজংঘল-বালিজানত অনুষ্ঠিত ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ যোৱা চাহ জনগোষ্ঠীয় এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক একে অঞ্চলৰে চাৰিজন যুৱকে দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থপন হৈছে (Gang rape case in Golaghat) ৷

যোৱা ১৫ ফেব্ৰুৱাৰী নিশাই এই ঘটনা সংঘটিত হৈছিল যদিও শেহতীয়াকৈ পিতৃ-মাতৃক এই ঘটনাৰ কথা অৱগত কৰে কিশোৰীগৰাকীয়ে ৷ নিশা থিয়েটাৰ উপভোগ কৰি থকাৰ সময়তে বাহিৰলৈ ওলাই যোৱা কিশোৰীগৰাকীক মুখত সোপা দি চাৰি যুৱকে কাষৰ হাবিলৈ টানি নিয়ে ৷ কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰিব নোৱাৰাকৈ জংঘলৰ ভিতৰলৈ লৈ গৈ চাৰি যুৱকে উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰীগৰাকীক ৷ ইয়াৰ পিচতে কিশোৰীগৰাকীয়ে কোনোমতে সেই ঠাইৰ পৰা পলাই আহিবলৈ সক্ষম হয় ৷  

কিশোৰীগৰাকীয়ে এই ঘটনাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰৰা পিচতে ততাতৈয়াকৈ বগীজান আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত বগীজান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তাৎক্ষণিক তদন্ত চলাই ৷ কিশোৰীগৰাকীয়ে এজাহাৰখনত চাৰি যুৱকৰে এটা ৰফিকুল আৰু বাকীকেইটাক কিশোৰীগৰাকীয়ে নামৰ সৈতে চিনি নাপায় বুলি উল্লেখ কৰিছে (3 accused arrested) ৷  

ইতিমধ্যে আৰক্ষীয়ে তিনি যুৱকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে আটক কৰা উক্ত তিনি যুৱক হৈছে সৌৰভ গোঁহাই, নন্দেশ্বৰ দাস আৰু জাহিদুল হুছেইন ৷ মূল অভিযুক্ত ৰফিকুল আলিক আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

ইফালে কামৰূপ (গ্ৰাম্য)ৰ বাইহাটা চাৰিআলিত এগৰাকী মহিলাক গাঁওপ্ৰধানে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Rape case at Baihata Chariali) ৷ গাঁও প্ৰধান ৰুবুল আলীয়ে একে গাঁৱৰে এগৰাকী মহিলাক মৃত্যুৰ ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷

ভুক্তভোগী মহিলাগৰাকীয়ে কোৱা অনুসৰি ৰন্ধন গেছ সংযোগৰ কাৰণে প্ৰয়োজনীয় প্ৰমান পত্ৰ আনিবলৈ গাঁও প্ৰধান ৰুবুলৰ ঘৰলৈ যাওঁতেই এই অপকৰ্ম সংঘটিত হয় ৷ এই ঘটনাৰ পিচতে ৰুবুল আলীয়ে এই কথা বাহিৰত প্ৰকাশ কৰিলে ভুক্তভোগী মহিলাগৰাকীৰ সন্তান দুটাৰ লগতে স্বামীকো প্ৰাণে মৰাৰ ভাবুকি দিছিল বুলি মহিলাগৰাকীয়ে সদৰী কৰে ৷  

ভীতিগ্ৰস্ত মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ কথা নিজ পুত্ৰৰ আগত প্ৰকাশ কৰিছিল ৷ তাৰ পিচতে পুত্ৰৰ সাহসত মহিলাগৰাকীয়ে ৰুবুলৰ অসৎ কৰ্মৰ কথা সংবাদমাধ্যমৰ যোগে পোহৰলৈ আনে ৷ সম্প্ৰতি ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷  

লগতে পঢ়ক: Unknown man body parts found : দুৰ্বৃত্তই টুকুৰা টুকুৰকৈ কাটি ভিন্ন স্থানত পেলালে এজন লোকৰ মৃতদেহ

Last Updated : Feb 24, 2023, 2:54 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.