Anti Drugs operation: লংকাত হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 12:30 PM IST

thumbnail

হোজাই, 13 নৱেম্বৰ : দীপাৱলীৰ মাজতেই হোজাই জিলাৰ লংকাত ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছসহ হোজাই আৰক্ষীয়ে 2 টা সৰবৰাহকাৰীক আটক কৰে । আৰক্ষীয়ে ধৃত লোকদ্বয়ৰ পৰা 20 টাকৈ হেৰ’ইন ভৰ্তি কন্টেইনাৰ আৰু নগদ ৬ হেজাৰ টকাৰ নোট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী কৰায়ত্ত কৰা লোক দুজন ছিদ্দিক আলী আৰু কাজল দেৱনাথ বুলি জানিব পৰা গৈছে । 

আৰক্ষী সূত্ৰৰ পৰা জানিবলৈ পৰা অনুসৰি ছিদ্দিক আলীৰ ঘৰ মোৰাঝাৰৰ জয়নগৰত আৰু কাজল দেৱনাথৰ ঘৰ হোজাইৰ ধনীৰাম পথাৰত । দেওবাৰৰ নিশা শংকৰদেৱ নগৰ থানাৰ আৰক্ষীয়ে মন্দা বস্তি অঞ্চলত গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় দুয়োটা সৰবৰাহকাৰীক ৷

ইতিমধ্যে দুয়োকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখিছে । উল্লেখ্য যে, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ছিদ্দিক আলী ইয়াৰ পূৰ্বেও বহু অপৰাধৰ লগত জড়িত আছিল ।

লগতে পঢ়ক: Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.