Majuli Ferry service:মাজুলীৰ কমলাবাৰী আৰু অফলামুখ নিমাতীৰ মাজত দুখন নতুন ফেৰী সংযোজন

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:05 PM IST

thumbnail

মাজুলী, 3 নৱেম্বৰ : সমাগত ৰাস ৷ ইতিমধ্যে মাজুলীৰ চাৰিওফালে ৰাসৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে ৷ ৰাস পালনামৰ পূৰ্বে মাজুলীবাসীৰ লগতে ৰাস পালনামৰ বাবে মাজুলীলৈ আহিবলগীয়া লোকসকলৰ বাবে ভাল খবৰ । ৰাস পালনামৰ পূৰ্বে অসম চৰকাৰে প্ৰদান কৰিছে দুখন ফেৰী । ইয়াৰে এম ভি সপ্তেশ্বৰী নামৰ ফেৰীখনে কমলাবাৰী ঘাটৰ পৰা নিমাতীলৈ শুকুৰবাৰৰ পুৱা ৮.৩০ বজাত যাত্ৰা আৰম্ভ কৰে আৰু এম ভি বৈষ্ণবী নামৰ ফেৰীখন নিমাতীৰ পৰা পুৱা ৯.৩০ বজাত অফলামুখ লৈ চলিব ।

প্ৰতি এক ঘণ্টাৰ মূৰে মূৰে যাত্ৰীয়ে লাভ কৰিব ফেৰী সেৱা । ইতিমধ্যে ফেৰী সেৱাৰ নতুন সময় সূচী ঘোষণা কৰিছে বিভাগে । আশা কৰা হৈছে ৰাস পালনামৰ পূৰ্বে দুখনকৈ ফেৰী নতুনকৈ সংযোজন হোৱাত যাত্ৰীসকল যথেষ্ট উপকৃত হ’ব ৷

লগতে পঢ়ক : Ferry service in Majuli : পুনৰ আৰম্ভ চেনিমৰা বালিজান ফেৰিঘাটৰ ফেৰী চলাচল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.