Ferry service in Majuli : পুনৰ আৰম্ভ চেনিমৰা বালিজান ফেৰিঘাটৰ ফেৰী চলাচল

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:37 PM IST

thumbnail

মাজুলী, 29 অক্টোবৰ: পুনৰ দেওবাৰৰে পৰা আৰম্ভ হ’ল চেনিমৰা বালিজান ফেৰিঘাটৰ ফেৰী চলাচল । শনিবাৰৰ দিনটোত সোৱণশিৰিৰ জলস্তৰ অস্বাভাৱিকভাবে হ্ৰাস পোৱাৰ ফলত বন্ধ হৈ আছিল ফেৰীৰ চলাচল । আজি পুৱাৰ ভাগত পুনৰ জলস্তৰ বৃদ্ধি পোৱাত ফেৰীৰ চলাচল আৰম্ভ কৰিছে । 

শনিবাৰৰ দিনটোত অস্বাভাৱিকভাবে সোৱণশিৰিৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে চিন্তিত হৈ পৰিছিল নৈ পৰীয়া লোকসকল । কিয়নো তেওঁলোকে কাহানিও নেদেখা এটা পৰিৱেশৰ সৃষ্টি হৈছিল সোৱণশিৰী নৈত । কালিৰ দিনটোত ইমানেই সোৱণশিৰিৰ জলস্তৰ হ্ৰাস পাইছিল যে ফেৰী চলোৱাটো পাছৰ কথা নদীৰ বালিচৰত দুচকীয়া বাহন চলাচল কৰা দেখা গৈছিল বুলি স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

উল্লেখ্য যে, সোৱণশিৰিৰ শেহতীয়া জলস্তৰৰ চিত্ৰখনে চিন্তিত কৰি তুলিছিল ৰাজ্যৰ সচেতন মহলক ৷

লগতে পঢ়ক: NHRC to JMCH : মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.