ETV Bharat / state

NHRC to JMCH : মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:31 AM IST

National Human Rights Commission order the JMCH
মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত 5 দিনত মৃত্যু 15 টাকৈ নৱজাতকৰ । 2018 চনৰ 1 নৱেম্বৰ পৰা 5 নৱেম্বৰ ভিতৰত অস্বাভাৱিকভাৱে মৃত্যু ঘটিছিল নৱজাতককেইটিৰ । হাস্পতাল কৰ্তৃপক্ষক 1 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ।

যোৰহাট, 29 অক্টোবৰ : 2018 বৰ্ষত অস্বাভাৱিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে 15 টাকৈ নৱজাতকৰ । প্ৰত্যেক নৱজাতকৰ পৰিয়ালক 1 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ।

উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত 2018 চনৰ 1 নৱেম্বৰৰ পৰা ক্ৰমান্বয়ে 5 নৱেম্বৰৰ ভিতৰত 15 টাকৈ নৱজাতকৰ মৃত্যু হোৱাৰ খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই বাতৰি সম্প্ৰচাৰিত হৈছিল ETV Bharat যোগে ।

ইয়াৰ পিচত যোৰহাট চিকিৎসা মহাবিদ্যালয়, ৰাষ্ট্ৰীয় মিছন আৰু জিলা প্ৰশাসনে দণ্ডাধীশৰ দ্বাৰা নৱজাতকসকলৰ এনে মৃত্যুৰ ৰহস্য উদঘাটন কৰিবৰ বাবে পৃথকে পৃথকে তদন্ত আৰম্ভ কৰিছিল । কিন্তু উক্ত তদন্তসমূহ কাগজ-কলমতেই সীমাৱদ্ধ ৰখাই সমগ্ৰ বিষয়টো ইয়াতেই অন্ত পেলাইছিল বা গাপ দিয়াৰ চেষ্টা কৰা হৈছিল ।

National Human Rights Commission order the JMCH
মৃত নৱজাতকৰ পৰিয়াললৈ 1 লাখ টকাৰ সাহায্য প্ৰদানৰ নিৰ্দেশ

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 2018 চনৰ 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰ ভিতৰত 15 টাকৈ নৱজাতকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এন এইচ আৰ চি গোচৰ নং 6/3/7/2019 ত এটা গোচৰ নিজাববীয়াকৈ ৰজু কৰে । এই গোচৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মুখ্য অধীক্ষকক তলব কৰি প্ৰশ্ন সুধিছিল ৷ কিন্তু অধীক্ষকগৰাকীৰ উত্তৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সন্তুষ্ট হোৱা নাছিল ৷

ইয়াৰ পিচতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰতিটো নৱজাতকৰ পৰিয়ালক এক লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে । ইতিমধ্যে যোৰহাট জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ,আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই 2018 চনত মৃত্যু হোৱা নৱজাতককেইটাৰ পৰিয়াল নাম ঠিকনা বিচাৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ।

আনহাতে মৃত নৱজাতককেইটা তিতাবৰ, নকছাৰী, কমলাবাৰী, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ আছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক : Lurinjyoti Gogoi Slams BJP Govt; চৰকাৰৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভৰ বাবেই আলফালৈ ধাৱমান যুৱক-যুৱতী : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.