চৰাইদেউত ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:38 AM IST

thumbnail

চৰাইদেউ,২৭ ডিচেম্বৰ: ড্ৰাগছ আৰু অবৈধ সুৰা সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী । প্ৰতিখন জিলাত চলিছে আৰক্ষীৰ কটকটীয়া তালাচী । চৰাইদেউ জিলাখনতো মুখ্য ঘাইপথৰ লগতে উপপথ সমূহটো আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে চৰাইদেউৰ নিমনাগড়ত মথুৰাপুৰ আৰক্ষী আৰু বাউলীপুখুৰী চি আৰ পি এফৰ নিয়মীয়া তালাচী অভিযানত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক কৰিবলৈ সক্ষম হৈছে ।  

তালাচী অভিযানত ৫.২৩ গ্ৰাম ড্ৰাগছ আৰু ড্ৰাগছৰ কন্টেইনাৰ সহ AS 12 D 9358 নম্বৰৰ এখন মাৰুতি বাহন জব্দ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী সঞ্জীৱ চেইন নামৰ যুৱকজনৰ সৈতে বাহনখনৰ চালকক আটক কৰে মথুৰাপুৰ আৰক্ষীয়ে ৷ মথুৰাপুৰ আৰক্ষী থানাত সঞ্জীৱ চেইনসহ চালকজনক সোধাপোচা অব্যাহত ৰাখিছে ।  

লগতে পঢ়ক: জোনাইত জঘন্য ধৰ্ষণকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.