জোনাইত জঘন্য ধৰ্ষণকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 7:59 AM IST

thumbnail

জোনাই, ২৭ ডিচেম্বৰ: জোনাইৰ গালী মেচাকি গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । একেখন গাঁৱৰে নিবাসী গৰ্গৰাম পাৱ নামৰ ৪০ বছৰীয়া লম্পটৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী পাঁচ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ । জানিবপৰামতে লম্পট গৰ্গৰাম পাৱেয়ে কিশোৰীগৰাকীক বিস্কুটৰ প্ৰলোভন দি বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন ধৰি চোতালত থকা জল জীৱন মিছন আঁচনিৰ এটি কোঠালিলৈ মাতি নি ধৰ্ষণ কৰাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।  

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে সকলো কথা পৰিয়ালক অৱগত কৰাৰ পিছতে লম্পট গৰ্গৰাম পাৱে গাঁৱৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে কিশোৰগৰাকীক লগত লৈ লম্পট গৰ্গৰাম পাৱৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবীত জোনাই থানাত দাখিল কৰে এখন এজাহাৰ । আৰক্ষীয়ে গোচৰ নম্বৰ U/S 376AB-IPC, R/W Sec-6 of Pocso Act ৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: প্ৰাক্তন আলফা নেতা জিতু তালুকদাৰক আটক, চাৰিদিন ধৰি সোধাপোছা অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.