Drugs seized: হেৰ’ইনসহ দুই ড্ৰাগছ আসক্ত যুৱক আটক

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:27 PM IST

thumbnail

ধেমাজি, 14 ছেপ্টেম্বৰ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত আছে আৰক্ষীয়ে ৷ ইয়াৰ সমান্তৰালকে ধেমাজি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ বুধবাৰে বিয়লি ধেমাজি আৰক্ষীয়ে এক অভিযান চলাই  1.62 গ্ৰাম হেৰ’ইন জব্দ কৰে  ৷ লগতে ধেমাজি নগৰ টঙনাপাৰাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সহ দুই ড্ৰাগছ আসক্ত যুৱকক হাতে লোটে কৰায়ত্ত কৰে ৷ 

যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ 4 টা কণ্টেইনাৰ আৰু দুটা মোবাইল ফোন জব্দ কৰে ৷ আটকাধীন যুৱকদ্বয় ক্ৰমে বৰদলনি শান্তিপুৰৰ ৰতন বৰ্মন আৰু টঙনাপৰাৰ মুন শইকীয়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ লক্ষ্যণীয় যে, আৰক্ষীকো কেৰেপ নকৰি একাংশ ড্ৰাগছ আসক্ত লোকে প্ৰতিদিনেই ড্ৰাগছৰ সৰবাৰহৰ লগতে ড্ৰাগছ সেৱন কৰি আহিছে ৷

লগতে পঢ়ক: Theft in india: আশ্চৰ্যকৰ ! পত্নীৰ বেশ ধৰি চোৰে লুটিলে ধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.