Missing in Brahmaputra: তিনিদিনে সন্ধান নোলাল ব্ৰহ্মপুত্ৰত মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন দুই ভাতৃৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:16 PM IST

thumbnail

মৰাণ, ১০ নৱেম্বৰ: তিনি দিন উকলি যোৱাৰ পাছতো ডিব্ৰুগড়ৰ মোহনাঘাটত মাতৃৰ পিণ্ড দিবলৈ গৈ সন্ধানহীন হোৱা দুই ভাতৃৰ কোনো শুংসূত্ৰ ওলোৱা নাই ।যোৱা ৮ নৱেম্বৰৰ পুৱা অনন্ত কাকতি আৰু ভাতৃ দিগন্ত কাকতিয়ে মাতৃ সাবিত্ৰী কাকতিৰ ছমহীয়া পিণ্ডদান দিবলৈ গৈছিল ডিব্ৰুগড়ৰ মোহনাঘাটলৈ । কিন্তু পিণ্ড দিবলৈ ব্ৰহ্মপুত্ৰত নামি গৈ পাৰলৈ ঘুৰি নাহিল দুয়োজন ভাতৃ । ইয়াৰ পাছৰে পৰা আজি পৰ্যন্ত  দুয়োজন  সন্ধানহীন হৈ আছে ।

ঘটনাৰ পাছৰে পৰা NDRF আৰু SDRFসহ স্থানীয় লোকে অভিযান অব্যাহত ৰাখিছে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । অসহায় হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । আজি এইদৰে মহাবাহুৰ পাৰত চাকি বন্তি জ্বলাই অপেক্ষা কৰিছে পৰিয়ালটোৰ সদস্য়সকলে । একমাত্ৰ ঈশ্বৰৰ ওচৰত চাকি-বন্তি জ্বলাই মহাবাহুৰ পাৰত আশা-অপেক্ষা উৎকণ্ঠাৰে পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।  

লগতে পঢ়ক:BSF Soldier Killed on LoC : শ্বহীদ বিএছএফ জোৱান কীমাই ৰক্ষা কৰিছিল সতীৰ্থৰ জীৱন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.