Cattle smuggling in Dhemaji: ধেমাজিৰ হাতীগড়ত ৰাইজে জব্দ কৰিলে চোৰাং গৰুভৰ্তি ট্ৰাক

By

Published : May 31, 2023, 3:44 PM IST

thumbnail

ধেমাজি, 31 মে’ : ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড়ত চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ ৷ নগালেণ্ডৰ পঞ্জীয়ন থকা এখন ট্ৰাকত অনা হৈছিল গৰু সমূহ ৷ ট্ৰাকখনৰ পৰা উদ্ধাৰ চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা 25টাকৈ গৰু (Cattle smuggling in Dhemaji) ৷ স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷ জব্দ কৰা ট্ৰাকখনৰ নম্বৰ NL02 Q 3757 (Truck loaded with smuggled cattle seized) ৷  

আনহাতে ৰাইজে ট্ৰাকখন জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম হয় ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ৷ গৰু সমূহ ক’ৰ পৰা কলৈ নিয়া হৈছিল বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে (Smuggled cattle seized in Dhemaji৷)

লগতে পঢ়ক: Road accident: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.