Garu Bihu Celebrated in Assam : মৰিগাঁৱত গৰু বিহুৰ উছাহৰ ঢল

By

Published : Apr 14, 2023, 12:30 PM IST

thumbnail

মৰিগাঁও, ১৪ এপ্ৰিল : আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে ৰঙালী বিহু বা ব'হাগ বিহু (Rongali Bihu celebrated in Assam) । ৰঙালী বিহু আৰম্ভ হয় গৰু বিহুৰে (Garu Bihu celebrated in Assam) । সেয়ে শুকুৰবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে গৰু বিহু । ব্যতিক্ৰম নহয় মৰিগাঁও জিলাও । জিলাখনৰ বিভিন্ন অঞ্চলত হেঁপাহৰ গৰু বিহু উদযাপন কৰা হৈছে ।

একেদৰে মৰিগাঁৱৰ ঔজাৰিবাসীয়েও সমূহীয়াভাৱে চাৰণ বিলত নিজৰ পোহনীয়া গৰু-গাইক গা ধুৱাই পালন কৰে ব'হাগ বিহুৰ পৰম্পৰা (traditional Garu Bihu celebrated in Morigaon) । এই সন্দৰ্ভত চাওক আমাৰ মৰিগাঁৱৰ সংবাদদাতা ৰাতুল ডেকাৰ এক প্ৰতিবেদন । 

লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা; মাৰে সৰু বাপেৰে সৰু, তই হ'বি বৰ গৰু । আজি সমগ্র ৰাজ্যতে উচ্চাৰিত হৈছে এই পৰম্পৰাগত মন্ত্ৰ । হয়, আজি চহা অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু তথা পৰম্পৰাগত গৰু বিহু । ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ ঔজাৰি, মৰিগাঁও মৰিবিল, চোলাপাৰ, মাছখোৱা, ভূৰবন্ধা আদি অঞ্চলৰ বিভিন্ন জান-জুৰি, নৈ-বিল, খাল-পুখুৰীত নিজৰ গো-ধনক গা ধুৱাইছে ।

গোহালিত মাহ-হালধি, তেল ঘঁহি ঐতিহাসিক চাৰণ বিলতো গো-ধনসমূক গা ধুৱাই লাও, বেঙেনা খুৱাই আশীৰ্বাদ দিছে । লগতে ঢোল-পেঁপা-তাল বজাই নাচি-বাগি আনন্দত মতলীয়া হৈছে ।

লগতে পঢ়ক :Goru bihu 2023 : পৰম্পৰাগতভাৱে এজাৰগুৰিবাসীয়ে পালন কৰিলে গৰু বিহু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.