Beautiful view of Kaziranga: ফাগুন নমাৰ সমান্তৰালকৈ কাজিৰঙালৈ সোঁত বৈছে দেশী বিদেশী বহু পৰ্যটকৰ

By

Published : Feb 20, 2023, 12:24 PM IST

thumbnail

কলিয়াবৰ,২০ ফ্ৰেব্ৰুৱাৰী: এতিয়া ফাগুনৰ বতৰ । পলাশবুলীয়া ৰঙীণ বাটেৰে আহিছে ফাগুনী পছোৱা । ফাগুনৰ পৰশ পাই গাভৰু হোৱাৰ পথত ধৰা । জুইফুল হৈ ফুলিছে পলাশ, বেজাৰৰ পোহাৰ মেলি ফুলিছে এজাৰ । ৰাংঢালী গাভৰুৰ চাদৰৰ আঁচল উৰুৱাই চেঙেলীয়া ডেকাৰ মন উৰুঙা কৰা এইয়া ফাগুনৰ বতৰ(Beauty of Fagun month) ৷ ফাগুন চঞ্চলা, ফাগুন উন্মনা ৷ কোনোবাই যদি ফাগুনক কয় বদনামী আন কোনোবাই আকৌ সৃষ্টিৰ সোপান বিচাৰি পায় ফাগুনৰ বুকুত ৷ যেন অভিমানী প্ৰেমৰ দলিচাত বহি বদনামী ফাগুনৰ কবিতা গুণগুণাইছে সকলোৱে(Colour of Fagun) ।

ফাগুনৰ পৰশ পাই যৌৱনা হৈ উঠিছে কাজিৰঙা(Beautiful view of Kaziranga) । শিমলু, মদাৰ, পলাশৰ ৰঙেৰে ৰঙীন হৈ পৰিছে বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান(World Heritage Site Kaziranga National Park) । যিয়েই গৈছে কাজিৰঙাৰ বুকুলৈ তেৱেঁই প্ৰেমত পৰিছে কাজিৰঙাৰ । লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জন্তুৰ দৃষ্টিনন্দন দৃশ্যই সকলোৰে মনত বিয়পাইছে প্ৰশান্তিৰ পছোৱাৰ সুবাস । পলাশ, মদাৰ, শিমলু ফুলৰে ৰঙীণ ফাগুন অহা বাটেৰে ধূলি উৰুৱাই এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সোঁত বৈছে বহু দেশী-বিদেশী পৰ্যটকৰ(Tourists throng to enjoy the beautiful view of Kaziranga) । 

বন্য জন্তুৰ মনোৰম দৃশ্য বন্দী হৈছে টুৰিষ্ট গাইড আনাৰ হুছেইনৰ কেমেৰাত । পৰ্যটকৰ বাহনৰ কাষেৰে পাৰ হৈছে বিশ্ব বিখ্যাত এশিঙীয়া গঁড় । মুক্তমনে এশিঙীয়া গঁড়ে ঘাঁহ-বন খাই চিকুণ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত । ইফালে আকৌ সংগ দিছে পক্ষীকুলে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমা অন্তৰ্গত পশ্চিম বনাঞ্চল বাগৰিত এতিয়া ভিৰ বাঢ়িছে পৰ্যটকৰ । ৰাজস্থান বন বিভাগৰ ৪৮ জনকৈ বন বিষয়াই প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৱেষ্টাৰ্ন ৰেঞ্জলৈ আহি বন্য জন্তুৰ দৃষ্টিনন্দন দৃশ্য দেখি আপ্লুত হৈ পৰে । ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া প্ৰতিটো মুহূৰ্ততে নয়নাভিৰাম আৰু শিহৰণকাৰী অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে পৰ্যটক । 

এয়াই ফাগুন, এয়াই অসম, এয়াই প্ৰতিটো ঋতুতে ৰঙ সলোৱা কাজিৰঙা, বিশ্ববিখ্যাত কাজিৰঙা ।

লগতে পঢ়ক: Sensational incident in Moran: ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে; ৰাজপথতে ঢলি পৰি মৃত্যু এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.