Ramailo Tihar in Assam: ভাতৃ দ্বিতীয়াত দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:26 PM IST

thumbnail

মৰাণ, ১৫ নৱেম্বৰ: আজি নেপালী সম্প্ৰদায়ৰ লোকসকলৰ ভাতৃ দ্বিতীয়া উৎসৱ । ডিব্ৰুগড় জিলাৰ টিংখাঙত ভাতৃ দ্বিতীয়া উপলক্ষে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উছাহ । নেপালী লোকসকলে পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে অনুষ্ঠিত কৰিছে তিহাৰ উৎসৱ । কৃষিজীৱী নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক, সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিক প্ৰতিফলিত কৰা উৎসৱ হৈছে তিহাৰ উৎসৱ ৷

অসমত যুগ যুগ ধৰি বসবাস কৰি অহা নেপালী লোকসকলে এই উৎসৱ পালন কৰি আহিছে 'ৰমাইলো তিহাৰ' নামেৰে ৷ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশ তিথিৰ পৰা শুক্ল পক্ষৰ দ্বিতীয় তিথিলৈকে এই তিহাৰ সংস্কৃতি আলোকিত কৰা হয় । সুখ-শান্তি কামনা কৰি অন্যায় অত্যাচাৰ অপশাসনৰ পৰিসমাপ্তি, প্ৰকৃতি প্ৰেমৰ নিদৰ্শন, জীৱ-জন্তুৰ প্ৰতি সন্মান, তিহাৰৰ অন্তিম দিন হ'ল ভাতৃ দ্বিতীয়া পূজা ৷ এই দিনটোত ভগ্নীসকলে নিজ ভাতৃক দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ দিয়ে ।

লগতে পঢ়ক:Memory of Banikanta Kakati : অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে জীৱন উছৰ্গা কৰা বাণীকান্ত কাকতি আজি অৱহেলিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.