ETV Bharat / state

Memory Of Banikanta Kakati : অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে জীৱন উছৰ্গা কৰা বাণীকান্ত কাকতি আজি অৱহেলিত

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:45 PM IST

অসমীয়াই পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে বিশিষ্ট গৱেষক, ভাষাবিদ তথা সমালোচকগৰাকীক । উল্লেখ্য যে ১৫ নৱেম্বৰ তেওঁৰ জন্মদিনৰ লগতে মৃত্যুতিথিও । কিন্তু তেওঁৰ এই জন্ম-মৃত্যুতিথিতো শ্ৰদ্ধাঞ্জলি জনাবলৈ আহৰি নাই কাৰো ।

অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে জীৱন উছৰ্গা কৰা বাণীকান্ত কাকতি আজি অৱহেলিত
Memory of Banikanta Kakati

জন্ম-মৃত্যুতিথিত অৱহেলিত বাণীকান্ত কাকতি

গুৱাহাটী,১৫ নৱেম্বৰ : অসমীয়া ভাষা-সাহিত্যৰ বাবে ১৫ নৱেম্বৰ এক উল্লেখনীয় দিন । কিয়নো এই দিনটোতে জন্মলাভ কৰিছিল অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰা এগৰাকী অসম প্ৰাণ ডঃ বাণীকান্ত কাকতিৰ । তেওঁৰ প্ৰচেষ্টাতেই অসমীয়া ভাষাই ঠন ধৰি উঠিছিল । কিন্তু অসমীয়া ভাষা প্ৰতিষ্ঠাৰ হকে আজীৱন যুঁজ দিয়া এইগৰাকী ভাষাৰ সেনানী আজি অৱহেলিত ।

অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত অৱদান আগবঢ়াই যোৱা বাণীকান্ত কাকতিক স্মৰণ কৰিবলৈ আজিৰ তথাকথিত অসমীয়াৰ আহৰি নাই । তেওঁৰ কৰ্ম আৰু সৃষ্টিক স্বীকৃতি দিবলৈ কাৰো সময় নাই । এক কথাত ক'বলৈ গ'লে অসমীয়াই পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে বিশিষ্ট গৱেষক, ভাষাবিদ তথা সমালোচকগৰাকীক ।

উল্লেখ্য যে ১৫ নৱেম্বৰ তেওঁৰ জন্মদিনৰ লগতে মৃত্যুতিথিও । কিন্তু তেওঁৰ এই জন্ম-মৃত্যুতিথিতো শ্ৰদ্ধাঞ্জলি জনাবলৈ আহৰি নাই কাৰো । সাধাৰণ জনতাতো বাদেই দিয়ক, ৰজাঘৰীয়াৰো মনত নাই এইগৰাকী পুৰোধা ব্যক্তি, ভাষাৰ ওজাক । কালৰ বুকুত যেন ক্ৰমান্বয়ে বিলীন হৈ গৈছে অসমীয়া ভাষা-সাহিত্যৰ বাবে মেটমৰা অৱদান আগবঢ়াই যোৱা বিশিষ্ট ব্যক্তিগৰাকীক । যাৰ বাবেই অতি দৃষ্টিকটুভাৱে জন্ম তথা মৃত্যুদিনটোত এলাগী হৈ পৰি ৰৈছে তেখেতৰ স্মৃতিসৌধটো ।

গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ ভৰলুৰ পাৰত থকা স্মৃতিসৌধটোত এই বিশেষ দিনটোত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহৰি নাই চৰকাৰ তথা ৰাইজৰ । তাতোকৈ পৰিতাপৰ কথা বছৰটোৰ ১২ মাহে হাবি-বননিৰে আৱৰি থাকে স্মৃতিসৌধটো । এয়াই যেন তেওঁৰ প্ৰতি সন্মান ! এয়াই অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ বাবে জীৱনজুৰি কাম কৰি যোৱা এগৰাকী দিকদৰ্শী পুৰুষৰ প্ৰতি আমাৰ দায়িত্ববোধ ।

ইফালে এই কাৰ্যত সচেতন মহলে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে । অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ বাবে জীৱনজুৰি কাম কৰি যোৱা বাণীকান্ত কাকতিৰ স্মৃতিসৌধটো আজিৰ দিনটোত এনেদৰে এলাগী হৈ পৰি থকাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে তেওঁলোকে ।

উল্লেখ্য যে বিশিষ্ট গৱেষক, ভাষাবিদ তথা সমালোচক ডঃ বাণীকান্ত কাকতিৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৫ নৱেম্বৰত । আনহাতে, তেখেতে ইহলীলা সম্বৰণ কৰিছিল ১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখতে ।

লগতে পঢ়ক :Lok Sabha election 2024: আসন ভাগ-বাটোৱাৰাক লৈ বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.