গঁড়, হাতীৰ পাছত বাঘৰ আতংকত কম্পমান মাজুলীবাসী

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:34 AM IST

thumbnail

মাজুলী,৩ জানুৱাৰী: বন্যপ্ৰাণীৰ মুক্ত বিচৰণস্থলীলৈ ৰূপান্তৰিত মাজুলী । কেতিয়াবা যদি গঁড়, আন কেতিয়াবা আকৌ বন্যহস্তীৰ সন্ত্ৰাস । বন্যপ্ৰাণীৰে যে সহবাস কৰিবলগীয়া হৈছে মাজুলীবাসীয়ে । গঁড়, বনৰীয়া হাতীৰ পাছত এইবাৰ বাঘৰ আতংকত কম্পমান মাজুলীবাসী । পূব মাজুলীকে ধৰি উজনি মাজুলীৰ কেইবাটাও অঞ্চলত এতিয়া বিৰাজ কৰিছে বাঘৰ আতংক । বিস্তীৰ্ণ অঞ্চলটোত বাঘে নিধন কৰিছে কেইবাটাও গৰু, ছাগলী,ঘোঁৰা ।  

মঙলবাৰৰ দিনটোত বাঘৰ বিচৰণ প্রত্যক্ষ কৰে স্থানীয় ৰাইজে । ইতিমধ্যে বন বিভাগৰ পৰা বাঘটো খেদিবৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে । মঙলবাৰে নিশা শালমৰা অঞ্চলত ফটকা, গুলী ফুটাই বাঘ খেদোৱাৰ চেষ্টা চলাই বন বিভাগৰ লগতে আৰক্ষীয়ে । বাঘটো যাতে ব্ৰহ্মপুত্ৰৰ মাজৰ মানুহৰ বসতি নথকা চাপৰিলৈ খেদিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে । 

লগতে পঢ়ক: গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত মাজুলীবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.