Anti drugs operation: খটখটীৰ দুই পৃথক স্থানত আৰক্ষীৰ অভিযান, দুই মহিলাসহ তিনি সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 1:59 PM IST

thumbnail

ডিফু, ৫ নৱেম্বৰ : অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত পুনৰ বুজন পৰিমানৰ হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে দিনৰ প্ৰায় ১১.৫০ বজাত ডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা এএছ-০৫-চি-১৭০২ নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ বেগত লুকুৱাই অনা অৱস্থাত ২০ টা চাবোনৰ বাকচত মুঠ ২৫৬.০৪ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। 

এই সন্দৰ্ভত আৰক্ষীয়ে তিনিচুকীয়া জিলাৰ লেখাপানী লাকলা পথাৰৰ ৰীতা মজুমদাৰ (৩৪) নামৰ সৰবৰাহকাৰী মহিলাগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। 

আনহাতে, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত আৰক্ষীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত লাহৰীজানত হেৰ’ইন বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰি লাহৰীজানৰ চলটি হোটেলৰ পিছফালে থকা এটা ঘৰত তালাচী চলাই ২০ টা চাধাৰ টেমাত লুকুৱাই ৰখা অৱস্থাত ১৩৮.০৭ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে লাহৰীজান বাগান বস্তিৰ নুৰুল হক আৰু খুলেছা বেগম নামৰ দম্পতীটোক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Allegation Against EX Minister Family: পুত্ৰৰ বদ স্বভাৱৰ কথা কিয় লুকুৱাইছিল প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই, শুনক ভুক্তভোগীৰ মুখেৰে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.